খেৰণিঃ ৰাজ্যখনত দিনে দিনে বাঢ়ি আহিছে হাতী-মানুহৰ সংঘাত৷ পশুৰূপী মানুহে মুনাফা লাভৰ আশাত বন ধ্বংস কৰি অহাৰ বাবে খাদ্য আৰু আশ্ৰয়ৰ ক্ষেত্ৰত সৰ্বশ্ৰান্ত হৈ পৰা বন্যহস্তীয়ে উজনি-নামনিৰ জনাঞ্চলত প্ৰৱেশ কৰি অব্যাহত ৰাখিছে তাণ্ডৱ৷ ৰাজ্য খনৰ হাজাৰ হাজাৰ পৰিয়ালে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে বন্য হস্তীৰ সন্ত্ৰাসৰ বাবে৷

সন্তান, পৰিয়ালৰ, ঘৰ-বাৰী সুৰক্ষিত কৰাৰ স্বাৰ্থত বিনিদ্ৰ ৰজনী কটাইছে অসহায় হাজাৰ হাজাৰ অসমীয়াই৷ ৰাজ্যৰ কথা চহকী মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বন বিভাগে বনৰীয়া হাতীৰ জাকৰ সন্ত্ৰাসৰ পৰা সুৰক্ষা দিব পৰা নাই ভুক্তভোগী ৰাইজক৷ ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ সৈতে যুঁজ দি জীয়াই থাকিব লগা হৈছে থলুৱা অসমীয়া৷ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি পাহাৰত বন্যহস্তীৰ তাণ্ডৱ অব্যাহত আছে৷

পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে নিশাৰ ভিতৰতে গৃহহাৰা কৰিছে বহু পৰিয়ালক৷ বনৰীয়া হাতীৰ উপদ্ৰৱত লোক গৃহহাৰা হোৱাৰ লগতে ভঁৰালৰ ধান খায় তহিলং কৰাৰ উপৰিও কৃষকৰ ৰবি শস্য বিনষ্ট কৰিছে। জানিব পৰা মতে, হাৱাইপুৰৰ ৰেল লাইনত ৰেলৰ খুন্দাত ৫ টাকৈ হাতীৰ মৃত্যু হোৱাৰ পাছৰে পৰা পশ্চিম কাৰ্বি আংলঙত বনৰীয়া হাতী তাণ্ডৱ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে।

উল্লেখ্য যে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৃহত্তৰ খেৰণি, হাজাগাফাৰ, ৱাটিজুৰ, মাইলু আদি অঞ্চলত বিগত পোন্ধৰ দিন ধৰি এটা বৃহৎ হাতীৰ জাকে উপদ্ৰৱ চলাই অহাত সৰ্বসাধাৰণ ৰাইজে হাহাকাৰ কৰিব লগা হৈছে৷ বিগত দিনবোৰত হাজাগাফাৰ গাঁৱৰ নিবাসী ৰাজেশ্বৰ সিং, ৰামচন্দ্ৰ চৌহান, ডাংবানন্দ নাপেনছা, পৰিমল দিব্ৰাৰ লগতে ২ নম্বৰ ৱাটিজুৰ গাঁৱৰ দিলীপ সিং, মনমোহন সিং আৰু ফৰেষ্ট বজাৰৰ অতুল মালাকাৰকে ধৰি বহু লোকৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভঁৰালৰ ধান খায় তহিলং কৰিছে।

আনকি বহু লোকৰ বাৰীৰ কলগছ-তামোল গছ, খেতিৰ ফচল আদি গচকি-ভাঙিও বিনষ্ট কৰিছে। হাতীৰ জাকটোৱে গাঁৱৰ নিচেই কাষতে অৱস্থান কৰাত ঘৰ দুৱাৰ ক্ষতি কৰাৰ শংকাত উজাগৰী নিশা কটাবলগীয়া হৈছে গাওঁবাসীয়ে৷ গঞাই হাতত জোঁৰ লৈ, হাতী খেদাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে গাওঁবাসীয়ে৷  প্ৰতি বছৰে হাতীৰ জাক আহি গাঁওসমূহত বিস্তৰ ক্ষতিসাধন কৰি গুচি যায়৷

ইয়াৰ পাছতো বনবিভাগ নাইবা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰে৷ বৰ্তমান অৱস্থান গ্ৰহণ কৰা হাতীৰ জাকটোৱে আৰু কিমান দিনলৈ অনিষ্ট সাধন কৰিব তাৰ কোনো নিশ্চয়তা নাই৷ বন্য হস্তীৰ উপদ্ৰৱত কাৰ্বি পাহাৰত বসবাস কৰা ডেকা বুঢ়া শিশু সকলোৱে বিনিদ্ৰ ৰজনী পাৰ কৰিব লগা হোৱাৰ লগতে বৰ্তমানেও ৰাইজৰ মনত ভয় আৰু সন্ত্ৰাস অৱ্যাহত আছে।