খেৰণিঃ ৰাজ্যখনত দিনে দিনে বাঢ়ি আহিছে হাতী-মানুহৰ সংঘাত৷ পশুৰূপী মানুহে মুনাফা লাভৰ আশাত বন ধ্বংস কৰি অহাৰ বাবে খাদ্য আৰু আশ্ৰয়ৰ ক্ষেত্ৰত সৰ্বশ্ৰান্ত হৈ পৰা বন্যহস্তীয়ে উজনি-নামনিৰ জনাঞ্চলত প্ৰৱেশ কৰি অব্যাহত ৰাখিছে তাণ্ডৱ৷ ৰাজ্য খনৰ হাজাৰ হাজাৰ পৰিয়ালে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে বন্য হস্তীৰ সন্ত্ৰাসৰ বাবে৷
সন্তান, পৰিয়ালৰ, ঘৰ-বাৰী সুৰক্ষিত কৰাৰ স্বাৰ্থত বিনিদ্ৰ ৰজনী কটাইছে অসহায় হাজাৰ হাজাৰ অসমীয়াই৷ ৰাজ্যৰ কথা চহকী মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বন বিভাগে বনৰীয়া হাতীৰ জাকৰ সন্ত্ৰাসৰ পৰা সুৰক্ষা দিব পৰা নাই ভুক্তভোগী ৰাইজক৷ ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ সৈতে যুঁজ দি জীয়াই থাকিব লগা হৈছে থলুৱা অসমীয়া৷ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি পাহাৰত বন্যহস্তীৰ তাণ্ডৱ অব্যাহত আছে৷