56
বাহকাবাৰীঃ দুৰ্ভাগ্যই লগ নেৰা এজন নগাঁও জিলা কামপুৰৰ ছাত্ৰ। সৰুতে পিতৃহাৰা হোৱা হোৱা ছাত্ৰ জনে মঙলবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মাথো চাৰি নম্বৰৰ বাবে শীৰ্ষ দহটা স্থানত অন্তৰ্ভূক্ত নহ’ল।
অতি মেধাৱী ছাত্ৰ জনে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো মাথো দহটা নম্বৰৰ বাবে শীৰ্ষ স্থান ল’ব পৰা নাছিল। কামপুৰৰ অতিকে ভিতৰুৱা ৰহা সমষ্টিৰ বগলাজান পঞ্চায়তৰ ধেমাজি গাঁৱৰ অতি দুখীয়া পৰিয়ালৰ ছাত্ৰ জনে অতি কষ্টৰ মাজৰে নিজৰ পঢ়া-শুনা আগবঢ়াই গৈছিল।