48
ডিজিটেল ডেস্কঃ পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হৈছে ইউৰোপত। এইবাৰ এই আক্ৰমণ সংঘটিত হৈছে মানচেষ্টাৰত। মঙলবাৰে স্থানীয় সময় অনুযায়ী নিশা ১০.৩০ বজাত সংঘটিত এই আক্ৰমণত নিহত হয় অতি কমেও ২২জনকৈ লোক। আহত হয় ৬০ জনতকৈও অধিক।
আৰক্ষী সূত্ৰই সদৰী কৰা মতে, মাৰ্কিন তাৰকা আৰিয়ানা গ্ৰেণ্ডৰ এটি সংগীতানুষ্ঠান চলি থকাৰ সময়তে সংঘটিত হয় এক ভয়াৱহ বিস্ফোৰণ। সংগীতানুষ্ঠানৰ শেষৰ ফালে একেলগে সংঘটিত হয় দুটাকৈ বিস্ফোৰণ।