newsnextone.com | ডিজিটেল ডেস্কঃ মন্দোচৌৰত গণ ধৰ্ষণৰ বলি হোৱা এগৰাকী কিশোৰীৰ ফটো ছ’চিয়েল মিডিয়াত প্ৰচাৰৰ বাবে তোলাৰ অভিযোগত আৰক্ষীয়ে এগৰাকী নাৰ্ছক আটক কৰিছে৷ নিৰ্যাতিতা কিশোৰীৰ ফটো প্ৰচাৰ কৰাৰ অপৰধাত নাৰ্ছগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে জেজে এক্ট, পস্কো আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ২২৮ (ক) অধীনত গোচৰ ৰুজু কৰিছে৷
পস্কো আইনৰ ২৩ নং ধাৰা অনুযায়ী নিৰ্যাতিতা কিশোৰীৰ ফটো অথৱা পৰিচয় প্ৰকাশ কৰাটো অপৰাধ হিচাপে গণ্য কৰা হয়৷ এই ধাৰা উলংঘনকাৰীয়ে ৬ মাহৰ পৰা এবছৰ পৰ্যন্ত কাৰাৱাস অথৱা জৰিমণা ভোগ কৰিব লাগে৷