Home দেশমণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ ডেৰ বছৰৰ অন্তত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ

মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ ডেৰ বছৰৰ অন্তত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ

by News Desk
A+A-
Reset
biren resign

ইম্ফলঃ দুবছৰীয়া জাতিগত হিংসা আৰু অব্যাহত থকা ৰাজনৈতিক উত্তেজনাৰ মাজতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ আকস্মিক পদত্যাগে ৰাজ্যৰ ৰাজনীতিত সৃষ্টি কৰিছে এক নতুন মোৰ। ২০২৩ৰ মে’ মাহৰ পৰাই মণিপুৰত অব্যাহত আছে গোষ্ঠীগত হিংসা। বৰ্তমান সময়ত এই হিংসা কিছু শাম কাটিলেও এতিয়াও শান্ত হোৱা নাই মণিপুৰ। ৰাজ্যখনৰ এনে অস্থিৰ পৰিস্থিতিৰ মাজতে বিজেপিৰ ভিতৰচ’ৰাত ক্ৰমাৎ বৃদ্ধি পায় বিদ্ৰোহ। এনে কাৰণতে কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত অৱশেষত মুখ্যমন্ত্ৰী পদৰ ত্যাগ কৰিবলৈ বাধ্য হয় বীৰেন সিং।

দেওবাৰে সন্ধিয়া ৰাজভৱনত বীৰেন সিঙে ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। তেওঁৰ সৈতে বিজেপি আৰু নগা পিপলছ ফ্ৰণ্টৰ ১৪ গৰাকী বিধায়ক উপস্থিত থাকে। ৰাজ্যিক বিজেপিৰ সভাপতি এ শাৰদা আৰু দলটোৰ অন্যতম কেন্দ্ৰীয় নেতা সম্বিত পাত্ৰও উপস্থিত থাকে। উল্লেখ্য যে, ২০২৩ চনৰ মে’ মাহত ৰাজ্যখনত ব্যাপক জনগোষ্ঠীয় সংঘৰ্ষৰ সৃষ্টি হৈছিল, য’ত ২৫০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈছিল। এই হিংসাৰ পটভূমিত বিজেপিৰ বিৰুদ্ধে প্ৰশাসনিক ব্যৰ্থতাৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যখনৰ দুটা মূল সম্প্ৰদায় মেটেই আৰু কুকিৰ মাজত বিভাজন গভীৰ হৈ পৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0