ডিজিটেল ডেস্কঃ মণিপুৰৰ ডেৰটা দশকৰ কংগ্ৰেছৰ শাসন ওফৰাই গেৰুৱা দলৰ চৰকাৰখন ক্ষমতালৈ অহাৰ এমাহ নৌহওতেও মন্ত্ৰী পৰিষদত দেখা দিছে খামখেয়ালিয়ে। এনে খামখেয়ালিৰ পৰিপ্ৰেক্ষিততে যোৱা ১৩ এপ্ৰিলত পদত্যাগ পত্ৰ দাখিল কৰে ৰাজ্যখনৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে।
স্বতন্ত্ৰতাৰে কাম কৰিব নোৱাৰাৰ আপত্তি দৰ্শাই পদত্যাগ পত্ৰ দাখিল কৰা নৱগঠিত মিত্ৰজোঁটৰ চৰকাৰখনৰ এইগৰাকী মন্ত্ৰী হৈছে লেংপোকলাকপাম জয়েন্তকুমাৰ সিং। স্বাস্থ্য আৰু পৰিয়াল কল্যণ বিভাগৰ দায়িত্বত আছিল মন্ত্ৰী লেংপোকলাকপাম।