53
লংকাঃ দুৰ্গা পূজাৰ সমান্তৰাল ভাৱে লংকাৰ মণিপুৰী সমাজে উদযাপন কৰিছে ইমা পান্থেইবী ইৰাত থৌৰাম পূজা৷ লংকাৰ পাঞ্চালীস্থিত মণিপুৰী সমাজে বুধবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে উদযাপিত কৰা এই উৎসৱ বুধবাৰ পৰা ৰীতি নীতিৰে শুভাৰম্ভ হয়৷
উল্লেখ্য যে, বিগত প্ৰায় দহ বছৰ ধৰি এই পূজা ভাগ মনিপুৰী সমাজে উদযাপন কৰি আহিছে৷ পূজা ভাগৰ মূলতেই হৈছে তেওঁ লোকৰ ইষ্ট দেৱতাক স্মৰণ কৰা৷