newsnextone.com | গৰৈমাৰিঃ মৃত্যু আহে সংগোপনে৷ কোনে জানে কাৰ মৃত্যু কেতিয়া ক’ত কেনেকৈ হয়৷ প্ৰতিদিনে মৃত্যুৰ দিশে মানুহ হেনো আগুৱাই গৈ থাকে৷ কিন্তু তাৰ মাজতো কোনোবাটো মৃত্যুৰ খবৰ সহজে ভাৱে ল’ব নোৱাৰি৷ কেতিয়াবা কোনোবা এটা অঞ্চলৰ লোকে কোনো এজন লোকৰ মৃত্যুক সবজে লব নোৱাৰে মানুহে৷
কোনো বেমাৰ-আজাৰ নোহোৱাকৈ হঠাৎ কোনোবা এজন লোকৰ মৃত্যু হ’লে পৰিয়াল, ওচৰ-চুবুৰীয়া তথা একো একোটা অঞ্চল শোক সাগৰত ডুব যায়৷ কামৰূপ জিলাৰ গৰৈমাৰীৰ টুক্ৰাপাৰা মনিৰুল হক নামৰ মেধাবী ছাত্ৰ জনৰ মৃত্যুকো সহজভাৱে ল’ব পৰা নাই ৰাইজে৷