newsnextone.com | দক্ষিণ শালমাৰাঃ মানকাচাৰ জিলাৰ সদৰ হাট শিঙিমাৰীৰ ছুপাৰ মাৰ্কেটৰ উন্নতিকল্পে জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে আবেলি ছুপাৰ মাৰ্কেটৰ বাছ আস্থান আৰু বজাৰৰ ৰাস্তাৰ ছি ছি ব্লকৰ কামৰ শুভ উদ্বোধন কৰা হয়। শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত আতিকা চুলতানাই। এই ছি ছি ব্লকৰ কামৰ পিছত হাট শিঙিমাৰী ছুপাৰ মাৰ্কেটৰ বাছ আস্থানত এখন অনুষ্টুপীয়া সভা অনুষ্ঠিত কৰা হয়।
ফুলেৰ চৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি আব্দুল মোন্নাফৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলাৰ খনৰ অতিৰিক্ত উপায়ুক্ত ছইবৰ ৰহমানে ছুপাৰ মাৰ্কেটৰ উন্নতিকল্পে উদ্দেশ্য ব্যাখ্যা কৰি ছুপাৰ মাৰ্কেটৰ পৰা সাপ্তাহিক বজাৰখন স্থানান্তৰিত কৰাৰ পৰিকল্পনা কৰি ১২ বিঘা জলাশয় ভূমিত মাটি পেলাই নতুন সাপ্তাহিক বজাৰৰ কাম আৰম্ভ কৰা বুলি মন্তব্য কৰে।