ডিজিটেল ডেস্কঃ ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ ঘনিষ্ঠ ৰাজনীতিবিদ আছিল প্ৰনৱ মুখাৰ্জী৷ তাৰ পিছত ২০০৪ চনত প্ৰনৱ মুখাৰ্জীৰ বিপৰীতে প্ৰধানমন্ত্ৰী হিচাপে মনমোহন সিঙৰ নাম সন্মুখলৈ আনে কংগ্ৰেছে৷ সেই সময়ত বহু লোকে এই খবৰক লৈ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছিল৷ কিন্তু প্ৰনৱ মুখাৰ্জীয়ে এই সন্দৰ্ভত কোনো ঠাইত এই কথা উল্লেখ কৰা নাই৷ প্ৰনৱ মুখাৰ্জীৰ ঘনিষ্ঠ সকলেও কোনো দিনে এই কথাক লৈ কংগ্ৰেছৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰা নাই৷
কিন্তু তেৰ বছৰ পাছত মনমোহন সিঙে খোদ কলে প্ৰনৱ মুখাৰ্জী প্ৰধানমন্ত্ৰীৰ বাবে যোগ্য আছিল৷ শুকুৰবাৰে প্ৰনৱ মুখাৰ্জীৰ ‘The coalition years’ নামৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং উপস্থিত থাকে৷
প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে অনুষ্ঠানত ভাষণ আগবঢ়ায় প্ৰাক্তন ৰাষ্ট্ৰীপতি প্ৰনৱ মুখাৰ্জী সন্দৰ্ভত বিস্ফোৰক মন্তব্য আগবঢ়ায়৷ অনুষ্ঠানত মনমোহন সিঙে কয় "২০০৪ চনত ছোনীয়া জীয়ে যেতিয়া প্ৰধানমন্ত্ৰী হিচাপে মোৰ নাম আনিলে, তেতিয়া মোৰ কৰিব লগা একো নাছিল৷ প্ৰনৱ সকলোতকৈ সন্মানীয় সহকৰ্মী আছিল৷ তাৰ পিছতো প্ৰধানমন্ত্ৰী হ’ব নোৱাৰাৰ ক্ষোভ থাকিবই৷ কিন্তু মোৰ কৰিব লগা একো নাছিল৷ সেই কথা প্ৰনৱে জানে"৷
কেৱল ইমানে নহয় মনমোহন সিঙে প্ৰনৱ মুখাৰ্জীক প্ৰশংসা কৰি দেশৰ মহান ৰাজনীতিবিদসকলৰ ভিতৰত অন্যতম আখ্যা দিয়ে প্ৰনৱক৷ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে এই কথা উল্লেখ কৰাৰ সময়ত উক্ত অনুষ্ঠানত বহি আছিল কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধী আৰু পুত্ৰ ৰাহুল গান্ধী৷ স্মৰ্তব্য যে. ৰাজীৱ গান্ধীৰ মন্ত্ৰী সভাত প্ৰনৱ মুখাৰ্জী বিত্তমন্ত্ৰী আছিল৷
সেই সময়ত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গৱৰ্ণৰ আছিল মনমোহন সিং৷ মনমোহন সিং প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত প্ৰনৱ মুখাৰ্জী বিত্ত, বিদেশ, প্ৰতিৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লৈছিল৷ The coalition years নামৰ গ্ৰন্থত ২০০৪ চনত নিৰ্বাচনত কংগ্ৰেছে জয়ী হোৱাৰ পিছত দলত প্ৰনৱ মুখাৰ্জীয়ে প্ৰধানমন্ত্ৰী হ’ব বুলি জল্পনা হোৱা বুলি উল্লেখ কৰে প্ৰনৱে৷