গুৱাহাটীঃ দেশৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পঞ্চদশ দীক্ষান্ত সমাৰোহ যোৱা ২১ ডিচেম্বৰত অনুষ্ঠিত হৈ যায়। দীক্ষান্ত সমাৰোহত বহু শিক্ষাৰ্থীক ডিগ্ৰী-ডিপ্লমা আৰু পদক প্ৰদান কৰা হয়। সমাৰোহৰ অনুষ্ঠিত হৈ যোৱাৰ পিছতে লখিমপুৰ জিলাৰ ঢকুৱাখনাবাসী আনন্দিত হৈ পৰে৷
লখিমপুৰৰ জিলাৰ সু-সন্তান মনোৰঞ্জন দত্তক সদ্যঘোষিত পদাৰ্থবিজ্ঞান বিভাগৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত ৮৭.২০ শতাংশ নম্বৰসহ উৰ্ত্তীণ হোৱাত ঢকুৱাখনাবাসী আনন্দিত হৈ পৰা পৰিলক্ষ্ষিত হয়৷ পঞ্চদশ দীক্ষান্ত সমাৰোহত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সৰ্বোচ্চ সন্মান সোণৰ পদক প্ৰদান কৰে মনোৰঞ্জন দত্তক।