newsnextone.com | ডিজিটেল ডেস্কঃ ভাৰত বিশ্বৰ এখন উন্নয়নশীল দেশ৷ বিশ্বৰ কেইবাখনো উন্নত দেশৰ সৈতে ফেৰ মাৰিছে ভাৰতে৷ ইমানলৈ সকলো ঠিকেই আছে৷ কিন্তু দেশৰ দৰিদ্ৰ শ্ৰমিক, দিনহাজিৰা কৰা লোকসকলৰ কিমান উন্নয়ন হৈছে সেয়াহে লক্ষণীয় বিষয়৷
সঠিক চৰকাৰী পৰিকল্পনাৰ অভাৱ, ক্ৰমবৰ্ধমান জনসংখ্যা বৃদ্ধিৰ ফলত দেশৰ বহু লোকে দৰিদ্ৰতাৰ কৱলত পৰি শৌচাগাৰৰ গাতত সোমাই গাঁত পৰিষ্কাৰ কৰি জীৱন ধাৰণ কৰাৰ লগতে পৰিয়াল চলাব লগীয়া হয়৷ এই সকল সমাজৰ পৰা সদায় উপেক্ষিত৷ কিন্তু নৰেন্দ্ৰ মোডীয়ে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰাৰ ফলত এনে লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালী তথা উপাৰ্জনাৰ মাধ্যম সলনি হ’ব বুলি ভবা হৈছিল যদিও তেনে নহ’ল৷ কিয়নো চাৰিবছৰ পূৰ্বে যিমান খিনি দৰিদ্ৰ লোকে হাতেৰে আজিও শৌচাগাৰ পৰিষ্কাৰ কৰিছিল এতিয়া তেনে কাম কৰা লোকৰ সংখ্যা বৃদ্ধি হৈছে৷