newsclick.in
newsclick.in

newsnextone.com | ডিজিটেল ডেস্কঃ ভাৰত বিশ্বৰ এখন উন্নয়নশীল দেশ৷ বিশ্বৰ কেইবাখনো উন্নত দেশৰ সৈতে ফেৰ মাৰিছে ভাৰতে৷ ইমানলৈ সকলো ঠিকেই আছে৷ কিন্তু দেশৰ দৰিদ্ৰ শ্ৰমিক, দিনহাজিৰা কৰা লোকসকলৰ কিমান উন্নয়ন হৈছে সেয়াহে লক্ষণীয় বিষয়৷ 

সঠিক চৰকাৰী পৰিকল্পনাৰ অভাৱ, ক্ৰমবৰ্ধমান জনসংখ্যা বৃদ্ধিৰ ফলত দেশৰ বহু লোকে দৰিদ্ৰতাৰ কৱলত পৰি শৌচাগাৰৰ গাতত সোমাই গাঁত পৰিষ্কাৰ কৰি জীৱন ধাৰণ কৰাৰ লগতে পৰিয়াল চলাব লগীয়া হয়৷ এই সকল সমাজৰ পৰা সদায় উপেক্ষিত৷ কিন্তু নৰেন্দ্ৰ মোডীয়ে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰাৰ ফলত এনে লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালী তথা উপাৰ্জনাৰ মাধ্যম সলনি হ’ব বুলি ভবা হৈছিল যদিও তেনে নহ’ল৷ কিয়নো চাৰিবছৰ পূৰ্বে যিমান খিনি দৰিদ্ৰ লোকে হাতেৰে আজিও শৌচাগাৰ পৰিষ্কাৰ কৰিছিল এতিয়া তেনে কাম কৰা লোকৰ সংখ্যা বৃদ্ধি হৈছে৷ 

শৌচাগাৰৰ টেংকিত সোমাই টেংকী চাফাই কৰি দুৰ্বিষহ জীৱন যাপন কৰে এনে লোকে৷ মেনুৱেল স্কেভেঞ্জিঙৰ এই পৰম্পৰা বন্ধ কৰিবলৈ বিভিন্ন স্বেচ্ছাসেৱী সংগঠন-সংস্থাই চৰকাৰক দাবী জনাই আহিছে যদিও চৰকাৰী পক্ষই গুৰুত্ব নিদিয়াৰহে অভিযোগ উত্থাপন হয়৷ সময়ে সময়ে চৰকাৰে শৌচাগাৰৰ টেংকীত সোমাই হাতেৰে গাঁতৰ পৰা মলমূত্ৰ উলিয়াই অৰ্থ উপাৰ্জন কৰা লোকৰ বাবে বিকল্প প্ৰথা আৰম্ভ কৰাৰ কথা কৈ আহিছে৷ ইয়াকে মেনুৱেল স্কেভেঞ্জিঙৰ প্ৰথা বুলি কোৱা হয়৷ 

এই প্ৰথা নাইকীয়া কৰি প্ৰকৃত অৰ্থত উন্নত দেশৰ দৰে দৰিদ্ৰ শ্ৰমিকক যন্ত্ৰৰ সহায়ত এই কাম কৰিবলৈ সুবিধা দিয়াৰ দাবী উত্থাপন হৈ আহিছে৷ এই প্ৰধা বন্ধ কৰিবলৈ দেশৰ চৰকাৰে স্বচ্ছ ভাৰত অভিযানক জৰিত কৰিছিল যদিও সেয়া বিফল হৈছে বুলি প্ৰতিপন্ন হৈছে৷ ১২ ৰাজ্যত চলোৱা সমীক্ষাত চলিত বৰ্ষলৈ ৫৩ হাজাৰ ২৩৬ জন মেনুৱেল স্কেভেঞ্জাৰে সামাজিক চক্ৰবেহুত পৰি পেটৰ তাড়নাত এই কামত নিয়োজিত হৈ আছে৷

এই প্ৰধা নিঃশেষ কৰিবলৈ বিভিন্ন মহলে বিগত কেইবছৰমান ধৰি দাবী জনাই আহিছে যদিও তাৎপৰ্যপুৰ্ণ কথা এই যে এনে অনাকাংক্ষিত জীৱিকাৰ লগত জৰিত হৈ থকা লোকৰ সংখ্যা ২০১৭ বৰ্ষলৈকে কৰা গণনাৰ তুলনাত ৪ গুণ বৃদ্ধিহে পাইছে৷ এই তথ্য আন্তঃ মন্ত্ৰীপৰিষদীয় সমিতিৰ শেহতীয়া এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমীক্ষাত প্ৰকাশ পাইছে৷ 

ভালেকইখন ৰাজ্যই মেনুৱেল স্কেভেঞ্জিঙৰ ব্যৱস্থা নাইকিয়া কৰাৰ দাবী জনাই আহিছে যদিও সংখ্য বৃদ্ধি হোৱাটো চিন্তাৰ কাৰণ হৈ পৰিছে৷ তদুপৰি এই পিয়লত কেৱল দেশৰ ৬০০ জিলাৰ ১২১ খনহে জিলাক সামৰি লোৱা হৈছিল৷ তদুপৰি মেনুৱেল স্কেভেঞ্জাৰৰ আটাইতকৈ বেছি লোক নিয়োজিত হৈ থকা ৰেল বিভাগটোৰ তথ্যও এই পিয়লত সামৰি লোৱা হোৱা নাই৷

সমীক্ষাত ৫৩,২৩৬ হাজাৰ ওলালেও ৰাজ্য চৰকাৰসমূহৰ তথ্য মতে মাত্ৰ ৬ হাজাৰ ৬৫০ জনহে এনে কামত নিয়োজিত লোক আছে বুলি প্ৰকাশ পাইছে৷ এই বিপৰীত তথ্যই ৰাজ্য চৰকাৰসমূহে এই অনাকাংক্ষিত জীৱিকাৰ লগত জৰিত লোকৰ সংখ্যা ঢাকি ৰাখিব খুজিছে তাৰেই ইংগিত বহন কৰিছে৷

এই তথ্য অন্ধ্ৰপ্ৰদেশ, অসম, গুজৰাট, হাৰিয়ানা, কেৰেলা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, পঞ্জাৱ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ সমীক্ষাৰ পৰাহে প্ৰকাশ কৰা হৈছে৷ অসমত চৰকাৰী পঞ্জীয়নপ্ৰাপ্ত ৮৭৬গৰাকী আৰু পঞ্জীয়ন নথকা ৫৪২ জন এই কৰ্মৰ সৈতে জৰিত লোক আছে৷ আনহাতে চৰকাৰৰ তথ্যৰ বিপৰীতে এই প্ৰথাত জৰিত দৰিদ্ৰ লোক প্ৰায় ২ লাখৰো অধিক বুলি সন্দেহ কৰা হৈছে৷

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছে ৭০ বছৰ দেশ শাসন কৰি একো কৰিব নোৱাৰিলে বুলি কৈ মোক মাথো ৬০ মাহ দিয়ক বুলি উদাত্ত কণ্ঠে কৈ দেশৰ বিভিন্ন খণ্ডক উন্নত কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ দেশৰ জনগণে প্ৰতিশ্ৰুতি অনুসাৰে মোডীক ভোট দান কৰিছিল৷ কেইবাটাও ব্যায়বহুল আঁচনি ৰূপায়ন কৰিছিল চৰকাৰ খনে৷ কিন্তু এনে আঁচনিয়ে গৰীৱ জনসাধাৰণৰ কন্যাণ সাধন কৰিছেনে তেনেই প্ৰশ্ন উত্থাপন কৰি অহাৰ সময়তে এটি চৰকাৰী প্ৰতিবেদনে বহু প্ৰশ্নই উত্থাপন কৰিছে৷