59
গুৱাহাটীঃ অচিৰেই নিলম্বিত হ’ব পাৰে কেবাগৰাকী আৰক্ষী বিষয়া। দুৰ্নীতি কেলেংকাৰিত জড়িত হোৱা বাবে নহয়, সত্যনিষ্ঠ আৰু আপোচহীন স্বভাবৰ বাবেই এইসকল আৰক্ষী বিষয়াই হেৰুৱাবলগীয়া হ’ব পাৰে চাকৰি।
ইতিমধ্যে এনে কাৰণতে চাকৰিৰ পৰা নিলম্বন হৈছে সৎ আৰু সুদক্ষ হিচাপে নাম থকা এগৰাকী আৰক্ষী বিষয়া। নৱ কুমাৰ বৰা নামৰ আৰক্ষী বিষয়াগৰাকীক হঠাৎ চাকৰিৰ পৰা নিলম্বন কৰাক লৈ ছ’চিয়েল মিডিয়াতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।