Home ৰাজ্যমাৰলী থানৰ বাৰ্ষিক উত্সৱ উদযাপনৰ প্ৰস্তুতি

মাৰলী থানৰ বাৰ্ষিক উত্সৱ উদযাপনৰ প্ৰস্তুতি

by News Desk
57 views
A+A-
Reset

তুলসীবাৰীঃ ৰঙিয়াৰ সমীপৰ তুলসীবাৰীৰ ঐতিহ্যমণ্ডিত গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক উত্সৱ অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ মঙলবাৰে উত্সৱৰ লাইখুটা স্থাপন কৰা হয়৷ সহস্ৰাধিক ভক্তৰ উপস্থিতিত উদুলি-মুদুলি হৈ পৰা থানত আয়তীৰ উৰুলি, শংখ, ঘণ্টাৰ ধ্বনিৰে মাংগলিক পৰিৱেশত লাইখুটা স্থাপন কৰে কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্ত কমল বৈশ্যই৷

উদযাপন সমিতিৰ সভাপতি কনক কলিতাৰ সঞ্চালনাত অনুষ্ঠিত ধৰ্মালোচনী সভাত অংশ গ্ৰহণ কৰি উপায়ুক্তগৰাকীয়ে থান খন সমূহীয়া ঐশ্বৰিক কেন্দ্ৰস্থল ৰূপে অভিহিত কৰি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সমূহীয়া ভাবে অংশগ্ৰহন কৰা ধৰ্মীয় অনুষ্ঠানে সাতামপুৰুষীয়া সম্প্ৰীতিৰ বাৰ্তা বাহক হৈ থকাৰ কামনা কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0