newsnextone.com | মৰিয়নীঃ মানৱ সম্পদ গঢ়াৰ অনুষ্ঠানৰ সৈতে জৰিত এগৰাকী লোকৰ এয়া কেনে কাণ্ড? এখন বিদ্যালয়ৰ নিম্নবৰ্গৰ সহায়কে এগৰাকী ছাত্ৰীক জোৰকৈ চুম্বন কৰাৰ দৰে ঘটনা সংঘটিত কৰাই নহয় সেই ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰে। ফটো নিজৰ নামত থকা ফেচবুক একাউণ্টত আপলোড কৰি অধ্যয়নৰত কিশোৰীক জনমানসত হত্যা কৰিব খোজাৰ অভিযোগ উত্থাপন হয়।

নিৰ্জন ঠাইত এখন স্কুলৰ এগৰাকী নিম্নবৰ্গৰ সহায়কৰ এনে কাণ্ডক কোনোও সহজে ল'ব পৰা নাই। শেহতীয়াকৈ এনে এক নিৰ্লজ ঘটনাৰ দৃশ্যই এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। দুৰ্ভাগ্যৰ কথা এয়ে যে এনে অবাঞ্চিত ঘটনা সংঘটিত হৈছে এইখন অসমতে। এই কাণ্ড সংঘটিত হৈছে যোৰহাটৰ মৰিয়নীত।

প্ৰাপ্ত বাতৰি মতে, অসমৰ যোৰহাট জিলাৰ মৰিয়নীৰ নকচাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিম্নবৰ্গৰ সহায়কে সংঘটিত কৰিছে এই ঘটনা। বিদ্যালয়খনৰ নিম্নবৰ্গৰ সহায়কে এগৰাকী নাবালিকা ছাত্ৰীৰ সৈতে 'ফটোছেছন উইথ লাভ’ কৰিছিল। এই 'ফটোছেছন উইথ লাভ’ৰ ফটো নিজেই ফেচবুকত এৰি দিয়াত ভাইৰেল হৈ পৰিছিল। ছ’চিয়েল মিডিয়াত এই ফটো আপলোড কৰাত নাবালিকা ছাত্ৰীৰ বৰ পিতৃয়ে প্ৰত্যক্ষ কৰি মাৃতক অৱগত কৰে আৰু মাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তত গ্ৰেপ্তাৰ কৰে নিম্নবৰ্গৰ সহায়কক।

ইয়াৰে এখন ফটোত ছাত্ৰীগৰাকীক হিন্দী চিনেমাৰ প্ৰেমৰ দৃশ্যৰ দৰে এখন হাতেৰে জোৰকৈ সাবতি ধৰি চুম্বন কৰাৰ অপ্ৰাণ চেষ্টা কৰা পৰিলক্ষিত হয়। কিন্তু এই খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে নিম্নবৰ্গৰ সহায়কজনে ফেচবুক একাউণ্ট ব্লক কৰে বুলি জানিব পৰা গৈছে।

যোৰহাট জিলাৰ মৰিয়নীত যোৱা দুটা দিনত এই ফটোক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এগৰাকী কিশোৰী আৰু এগৰাকী যুৱকে চুম্বন কৰা ফটোখন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। তাৰ পিছতে সোমবাৰে ফটো খনত প্ৰত্যক্ষ কৰা যুৱকজনক তথা মৰিয়নীৰ বিদ্যালয়ৰ নিম্নবৰ্গৰ সহায়কক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। 

জানিব পৰা মতে, ভাইলেৰ হোৱা ফটো খনত প্ৰত্যক্ষ কৰা নকচাৰী কিশোৰীগৰাকীৰ মাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত মৰিয়নী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰফুল্ল গগৈক নামৰ লোকজনক। যোৰহাট নকচাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিম্নবৰ্গৰ সহায়ক প্ৰফুল্ল গগৈ। আনহাতে নিম্নবৰ্গৰ সহায়কে কাম কৰা স্কুলৰ সমীপতে অধ্যয়ন কৰে কিশোৰীয়ে। দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক থকাৰ লগতে বিভিন্ন সময়ত নিৰ্জন ঠাইত লগ হৈছিল বুলিও জানিব পৰা যায়।

প্ৰফুল্ল গগৈয়ে নাবালিকা ছাত্ৰীক প্ৰেমৰ জালত পেলাই এনে কাণ্ড কৰা কাৰ্যক সহজে লহ পৰা নাই। স্থানীয় ৰাইজে ছ’চিয়েল মিডিয়াযোগে সকলোৱে এনে নিৰ্লজ্জ কাণ্ড সংঘটিত কৰা প্ৰফুল্ল গগৈক গৰিহণা দিয়াৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।