newsnextone.com | লিডুঃ বিজেপি দলে ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যৰ ৬ জনগোষ্ঠীয়ে সোমবাৰে পুৱাৰে অসম বন্ধৰ আহ্বান জনাইছে। ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি বিজেপিৰ বিৰুদ্ধে আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ সমগ্ৰ ৰাজ্যৰে ঠায়ে ঠায়ে পৰা পৰিলক্ষিত হৈছে।
অসম বন্ধ কাৰ্যসূচীৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে তিনিচুকীয়া জিলাতোঁ পৰা পৰিলক্ষিত হয়। বন্ধ সমৰ্থনকাৰীয়ে পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন ঠাইত ব্যৱসায় প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, যান-বাহনৰ চলাচল কৰা বন্ধ থকা দেখা যায়।