লিডুঃ মাৰ্ঘেৰিটা আৰক্ষী থানাত বৃহস্পতিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৫ শতাধিক পুৰুষ-মহিলাই থানা ঘেৰাও কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। এগৰাকী ১৩ বছৰীয়া কিশোৰী তথা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক এগৰাকী ভান্তে বাবাই ধৰ্ষণ কৰাক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। 

স্থানীয় লোকসকলে জনোৱা মতে, যোৱা ৩ আগষ্টত সংঘটিত হৈছিল সেই জঘন্য ঘটনা। সেই দিনা পুৱা জাগুনৰ লাকলাৰ পৰা নিজ ককায়েকৰ সৈতে বৰগোলাই নামদাং গাওঁস্থিত বৌদ্ধ মন্দিৰলৈ পূজা কৰাৰ বাবে আহিছিল এগৰাকী ৬ষ্ঠ শ্ৰেণীত  অধ্যয়নৰত কিশোৰী। সেই সময়তে ইনদানছা ভাণ্টেই নাৰিকলকে ধৰি পূজাৰ সামগ্ৰী আনিবলৈ ককায়েকক পঠিয়াই দি কিশোৰীগৰাকীক ৰচীৰে বান্ধি ধৰ্ষণ কৰে।  

এই ঘটনাৰ বিষয়ে পলমকৈ অৱগত হয় স্থানীয় ৰাইজে। ঘটনাটো পোহৰলৈ অহাৰ পিছতে, বুধবাৰে লাকলাত এখন সভা পাতি সিদ্ধান্ত লৈ আজি পুৱা শতাধিক ৰাইজ আহি উপস্থিত হয় মন্দিৰটোত। মন্দিৰত উপস্থিত হৈয়েই ক্ষুব্ধ ৰাইজে অভিযুক্ত ভান্টেজনক বাহিৰলৈ আনি হাতে-ভৰিয়ে বান্ধি লৈ গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে।

অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ খবৰ পাই মাৰ্ঘেৰিটাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত ভাণ্টেজনক মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰি থানালৈ লৈ যায়। থানাৰ পৰা সংকটজনক অৱস্থাত প্ৰথমে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও অৱস্থা গুৰুতৰ হোৱাত ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। 

আৰক্ষীয়ে লোকজনক থানালৈ নিয়াৰ পিছতে ক্ষুব্ধ হৈ পৰা স্থানীয় ৰাইজে থানা ঘেৰাও কৰি লোকজনক ফাঁচী দিবলৈ দাবী জনায়। ক্ষুব্ধ লোকসকলে বৌদ্ধ মন্দিৰটোত দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহ আৰু দেহ ব্যৱসায়ৰ দৰে অসামাজিক কাৰ্য-কলাপ চলি অহা বুলিও অভিযোগ কৰে। অৱশ্যে স্থানীয় ৰাইজৰ এই দাবী অস্বীকাৰ কৰিছে বৌদ্ধ মঠটোৰ এগৰাকী জ্যেষ্ঠ ভিক্ষুৱে।

'নিউজ নেক্সট ৱান'ৰ আগত তেওঁ কয় যে প্ৰকৃত ভিক্ষু এজনে কেতিয়াও এনে কাৰ্য সংঘটিত কৰিব নোৱাৰে। ম্যানমাৰৰ অভিযুক্ত লোকজন ভিক্ষু নাছিল বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। 'চীৱৰ পিন্ধি তেওঁ ভিক্ষুৰ ভাও ধৰিছিল। আচলতে তেওঁ প্ৰকৃত ভিক্ষু নহয়। আমি তেওঁক নাজানো। তেওঁ কি কাৰণত ইয়ালৈ আহি এইখিনি পালে সেয়াও নাজানো।’-এইদৰে কয় জ্যেষ্ঠ ভিক্ষুগৰাকীয়ে।

ইফালে ৩ আগষ্টতে ঘটনাটো সংঘটিত হৈছিল যদিও কি কাৰণত ভূক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে আৰক্ষীৰ কাষ চপা নাছিল সেয়াও ৰহস্য হৈ পৰিছে। বিশেষকৈ আৰক্ষীক অৱগত কৰাৰ পৰিৱৰ্তে নিজে আইন হাতত তুলি লৈ বৌদ্ধ মন্দিৰটোলৈ আহি দলে-বলে এনেদৰে আক্ৰমণ কৰা কাৰ্যত সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে। জানিব পৰা মতে ধৰ্ষিতা কিশোৰীগৰাকী অসুস্থ হৈ বৰ্তমানো চিকিৎসাধীন হৈ আছে।