লিডুঃ মাৰ্ঘেৰিটা আৰক্ষী থানাত বৃহস্পতিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৫ শতাধিক পুৰুষ-মহিলাই থানা ঘেৰাও কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। এগৰাকী ১৩ বছৰীয়া কিশোৰী তথা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক এগৰাকী ভান্তে বাবাই ধৰ্ষণ কৰাক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ।
স্থানীয় লোকসকলে জনোৱা মতে, যোৱা ৩ আগষ্টত সংঘটিত হৈছিল সেই জঘন্য ঘটনা। সেই দিনা পুৱা জাগুনৰ লাকলাৰ পৰা নিজ ককায়েকৰ সৈতে বৰগোলাই নামদাং গাওঁস্থিত বৌদ্ধ মন্দিৰলৈ পূজা কৰাৰ বাবে আহিছিল এগৰাকী ৬ষ্ঠ শ্ৰেণীত অধ্যয়নৰত কিশোৰী। সেই সময়তে ইনদানছা ভাণ্টেই নাৰিকলকে ধৰি পূজাৰ সামগ্ৰী আনিবলৈ ককায়েকক পঠিয়াই দি কিশোৰীগৰাকীক ৰচীৰে বান্ধি ধৰ্ষণ কৰে।