মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা মহকুমা আৰক্ষী প্ৰশাসনৰ অন্তৰ্গত লেখাপানী থানাৰ সীমান্ত শাখাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চলোৱা এক অভিযানত আৰক্ষীৰ জালত পৰিছে মহম্মদ শ্বৰীফ নামৰ এজন প্ৰায় ৬০ বছৰীয়া সন্দেহযুক্ত নাগৰিক৷
ঘটনাৰ বিৱৰণী অনুসৰি, লেখাপানী থানাৰ অন্তৰ্গত টিপঙত সুদীৰ্ঘ দিন ধৰি পৰিয়ালসহ বসবাস কৰি থকা মহম্মদ শ্বৰীফ নামৰ লোকজনক কালি নিশা লেখাপানী থানাৰ সীমান্ত শাখাৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত টিপঙৰ স্বগৃহৰ পৰা আটক কৰে৷