লিডুঃ বিভিন্ন সময়ত অসমৰ এখন ক্ষুদ্ৰ উদ্যোগ নগৰী হিচাপে আখ্যা দিয়া হয় মাৰ্ঘেৰিটা নগৰক৷ অথচ এখন ক্ষুদ্ৰ উদ্যোগ নগৰী হলেও উত্তৰ পূব কয়লা ক্ষেত্ৰ (কলইণ্ডিয়াৰ) লগতে বৃহৎ বৃহৎ যানবাহন চলাচলৰ ফলত পথৰ উপৰৰ বোজা এখন মেট্ৰপলিটান মহানগৰীৰ তুলনাত কোনো গুনেই কম নহয়৷
বিজেপিৰ বিধায়ক ভাষ্কৰ শৰ্মাৰ গৃহ সমষ্টি হ’ল এই মাৰ্ঘেৰিটা৷ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী হাতত লোৱা বিজেপিৰ মিত্ৰযোটৰ চৰকাৰৰ কাৰ্যকালত বিধায়কসকলৰ নিৰ্বাচনী প্রতিশ্রুতিবোৰ যে বৰ্তমান সময়ত ফুটুকাৰ ফেনত পৰিণত হৈছে সেই কথা এতিয়া বৃহত্তৰ মাৰ্ঘেৰিটা মহকুমাৰ ব্লক তিনিআলিৰপৰা টিৰাপ কলিয়ৰীলৈ বুলি ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাই পৰিভ্ৰমন কৰিলেই জলজল পটপট হৈ পৰিব৷
মাৰ্ঘেৰিটা, লিডু, টিৰাপ, বৰগোলাই আদি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয়তাই মহকুমাটোৰ সামগ্ৰীক উন্নয়ন তথা পৰিৱৰ্তনৰ প্ৰকৃত ছবি খন উদঙাই দেখুৱাবলৈ সক্ষম হৈছে৷ গড়কাপ্টানী বিভাগৰ অৰ্কমন্যতা তথা মন্ত্ৰী-বিধায়কৰ অমনোযোগীতাৰ ফলস্বৰূপে বৃহত্তৰ সমষ্টিটোৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ প্ৰায় বিলাক অংশ সম্প্ৰতি বিধ্বস্ত ৰূপে পৰিগনিত হৈছে৷
দৈনিক হাজাৰ হাজাৰ যানবাহন তথা কয়লাৰ বৃহৎ বৃহৎ কয়লা বোজা কঢ়িওৱা গাড়ী নিতৌ অসমৰ ভিন্ন প্ৰান্তৰলৈ বুলি চলাচল কৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ প্ৰায় বিলাক অংশ বিধ্বস্ত হৈ একো একোটা বৃহৎ পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হৈছে৷ যাৰ ফলত সাধাৰণ ৰাইজৰ চুড়ান্ত অসুবিধা হোৱাৰ লগতে বিভিন্ন জনে বাহনৰ ভাৰসাম্য হেৰুৱাই দুৰ্ঘটনাগ্ৰস্থ হ’বলগীয়া হৈছে৷ যাৰ পৰিপেক্ষিত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মাৰ্ঘেৰিটাত সাব্যস্ত কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী৷
ঘাইপথ মেৰামতিৰ দাবীত সংগঠনটোৰ শতাধিক নেতাকৰ্মীয়ে মাৰ্ঘেৰিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে৷ এই ক্ষেত্ৰত সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই মাৰ্ঘেৰিটা ব্লক তিনি আলি, চেগুণবাৰী তিনিআলি, বৰগোলাই, লিডু, টিৰাপ কলিয়ৰি আদি অঞ্চলত বিধ্বস্ত হৈ পৰা পথ সমূহ তাৎক্ষনিকভাৱে মেৰামতি কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আহবান জনোৱাৰ লগতে কনা হাঁহক পতান দিয়াৰ দৰে ৰাইজক আভুৱা দিবলৈ শিল আৰু মাটিৰে পথসমূহ মাজে সময়ে টাপলি দিয়া কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰি এনে পালমৰা কামৰ পৰা বিৰত থাকি ৰাষ্ট্ৰীয় ঘাইপথছোৱা মেৰামতি কৰি সুচল কৰি তুলিবৰ বাবে অসম চৰকাৰ তথা স্থানীয় বিধায়ক গৰাকীক আহবান জনাইছে৷
অন্যথা পৰৱৰ্তী সময়ত সংগঠনটোৱে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰিলে সংগঠন জগৰীয়া নহব বুলিও জানিবলৈ দিয়ে৷ উল্লেখ্য যে, আজি কাৰ্যসূচীৰ ফলত প্ৰায় দুশৰো অধিক যান-বাহন ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে আৱদ্ধ হৈ পৰে৷