লিডুঃ তিনিচুকীয়া জিলাৰ ডিগবৈৰ বন সংমণ্ডলৰ অধিনষ্ঠ জাগুন, লেখাপানী, টিপং আদি অঞ্চলত এতিয়া চলিছে চোৰাং শিল-বালি আৰু কাঠৰ চোৰাং বেহা৷ একাংশ অসাধু চক্ৰই বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰে গোপন মিতিৰালী কৰি অবৈধভাৱে শিল বালিৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ উত্থাপিত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে৷
সংগঠনটোৰ স্পষ্ট অভিযোগ মহকুমাটোৰ জাগুন, লেখাপানীৰ আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত দিহিং আৰু টিৰাপ নৈত সম্প্ৰতি এচাম অসাধু কুখ্যাত শিল আৰু বালিৰ চোৰাং ব্যৱসায়ী চক্ৰই নিজকে ৰাজনৈতিক আশিসধন্য বুলি ফুলজাৰি মাৰি অবাধ গতিৰে নৈ দুখনৰ পৰা শিল বালিৰ অবৈধ খনন কাৰ্য অব্যাহত ৰখাৰ বিপৰীতে একাংশই আকৌ বিয়াগোম বন বিভাগৰ দুৰ্বলতাৰ সুযোগ গ্ৰহন কৰি সংৰক্ষিত বনাঞ্চল সমূহ ধ্বংস কৰি অবাধ গতিত বনধংস যজ্ঞ অব্যাহত ৰাখিছে৷ কিন্তু সকলো জানিও যেন ধৃতৰাষ্ট্ৰৰ ভুমিকাত স্থানীয় বন বিভাগ৷ বিশেষ কৈ মহকুমাটোৰ অন্তৰ্গত ফুলবাৰী ঘাট, লামা ঘাট, জাগুন ঘাট আৰু ৱাৰাত ৰাষ্ট্ৰীয় বননীতিৰ আইন ব্যাপকভাৱে উলংঘা কৰি দিনি নিশাই জে চি বিৰে নৈৰ পৰা শিল বালি সংগ্ৰহ কৰি বিভিন্ন স্থানলৈ সৰবৰাহ কৰাৰ কৰা বুলি অভিযোগ পোৱা গৈছে৷