লিডুঃ মাৰ্ঘেৰিটা মহকুমাৰ লিডুত বৃহস্পতিবাৰে বিজেপিৰ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। বিজেপিৰ মনোনিত প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ হৈ লিডু বজাৰ হাইস্কুল খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ দিনৰ প্ৰায় ১২ বজাত বৰগোলাইস্থিত ৰাজীৱ গান্ধী ক্ৰিয়া খেলপথাৰত হেলিকপ্তাৰৰ যোগে অৱতৰন কৰি মন্ত্ৰী গৰাকীয়ে গাড়ীৰেৰে সভাত উপস্থিত হয় মন্ত্ৰীগৰাকী৷
নিৰ্বাচনী সভাত উপস্থিত থাকে মাৰ্ঘেৰিটাৰ সমষ্টিৰ স্থানীয় বিধায়ক ভাষ্কৰ শৰ্মাৰ লগতে তিনিচুকীয়া জিলাৰ বিজেপিৰ বহুকেইজন জ্যেষ্ঠ নেতা৷ ইফালে, সভাত ডিব্ৰুগড় লোকসভা সমষ্টিৰ মনোনিত প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে কিছু সময়ৰ বাবে উপস্থিত হৈ সাধাৰণ জনতাক উদ্দেশ্য কৰি ভাষণ প্ৰদান কৰে৷