newsnextone.com | মাৰ্ঘেৰিটাঃ যোৱা কেইবাটাও দিনৰ ভিতৰত ইটোৰ পিছত সিটো ধৰ্ষণ-যৌন নিৰ্যাতন কাণ্ড সংঘটিত হৈছে ৰাজ্যত৷ ইয়াৰ মাজতে শুকুৰবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ এজন ব্যৱসায়ীৰ বিৰুদ্ধে উত্থাপন হৈছে কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ৷ ইতিমধ্যে তিনিচুকীয়া আৰক্ষীয়ে মাৰ্ঘেৰিটা তল বজাৰৰ ব্যৱসায়ী সুৰেশ চৌধুৰীৰ পুত্ৰ তথা মুকেশ ক্লথ ষ্ট’ৰৰ মালিক অভিযুক্ত ৰাজেশ চৌধুৰী ওৰফে পিংকুক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে৷
জানিব পাৰ মতে, যোৱা ২২ জুনৰ নিশা মাৰ্ঘেৰিটা তল বজাৰৰ ব্যৱসায়ী ৰাজেশ চৌধুৰীয়ে ব্যৱসায় প্ৰতিষ্ঠানৰ সমীপত খেলি থকা ১৩ বছৰীয়া কিশোৰীক নিজৰ দোকানৰ চাটাৰ খন খুলি দিয়াত সহায় কৰিবলৈ মাতি আনে৷ তাৰ পিছতে দোকানৰ ভিতৰত নি প্ৰায় আধা ঘণ্টা সময় কিশোৰীক আৱদ্ধ কৰে৷ কিশোৰীৰ পৰিয়ালে অভিযোগ উত্থাপন কৰা মতে সেই সময়ত যৌন নিৰ্যাতন চলাই কিশোৰীক৷