লিডুঃ ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদৰ ঢৌ। শনিবাৰে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন মহিলা পৰিষদে তিনিচুকীয়া জিলা সমিতি আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত চৰকাৰ বিৰোধী এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি মাৰ্ঘেৰিটা নগৰৰ মাজ মজিয়াত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে, মাৰ্ঘেৰিটা কেন্দ্ৰীয় খেল পথাৰৰপৰা পদযাত্ৰাৰে ওলোৱা এই প্ৰতিবাদী কাৰ্যসূচীত আশীৰোৰ্দ্ধৰ বৃদ্ধাইয়ো অংশ গ্ৰহণ কৰি বি জে পি চৰকাৰক ককৰ্থনা কৰাই নহয় এই জাতিধ্বংসী বিধেয়কখন বাতিল নকৰিলে জীয়াই থকাৰ পৰ্যন্ত যুঁ‌জি যোৱাৰো হুংকাৰ প্ৰদান কৰে।

মহিলা পৰিষদৰ প্ৰায় শতাধিক কৰ্মীয়ে আজি এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই বি জে পি গ' বেক, বি জে পিৰ কাম নাই, নৰেন্দ্ৰ মোডী হায় হায় আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে, সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই এই ক্ষেত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ ক্ষেত্ৰত চৰকাৰে লোৱা বিপৰীতমুখী স্থিতিক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে জাতিধ্বংসী বিধেয়কখন স্বীকৃতি দিব বিছাৰিলে চৰকাৰে অনাগত দিনত তীব্ৰ গণ আন্দোলনৰ সন্মুখীন হবলৈও সাজু হৈ থাকক বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷