লিডুঃ বিলাসী গাড়ী নিৰ্মাতা কোম্পানীয়ে বিলাসী গাড়ী সমূহ খুব আৰামদায়কৈ নিৰ্মাণ কৰে৷ যাত্ৰীয়ে যাতে কোনো ধৰণৰ অসুবিধা নাপায় তাক গুৰুত্ব দিয়া হয়৷ বিশ্বৰ আগশাৰীৰ কোম্পানীয়ে নিৰ্মাণ কৰা বাহন সমূহ অতি সম্ভ্ৰান্ত, ৰাজনেতা, উদ্যোগপতিসকলে ব্যৱহাৰ কৰে৷ তাৰ বাবে বিশেষ গুৰুত্ব দিয়া হয়৷ বিশ্বৰ আন আন দেশৰ লগতে ভাৰতবৰ্ষতো বিলাসী গাড়ী ব্যৱহাৰ কৰা মানুহৰ সংখ্যা দিনেক দিনে বৃদ্ধি হৈছে৷
আমাৰ ৰাজ্য অসমতো একাংশ বিশেষ লোকে বিলাসী বাহন ব্যৱহাৰ কৰা দেখা যায়৷ বিশেষকৈ অসমৰ মন্ত্ৰী-বিধায়কে দামী গাড়ী ব্যৱহাৰ কৰাটো এক ফেশ্বনত পৰিণত হৈছে৷ দামী গাড়ীবোৰত ঘুৰিলে মন্ত্ৰী বিধায়কসকলে অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে থকা পথৰ গাত কেইটাৰ পৰা হাত সাৰিব পাৰে৷ তেওলোকৰ গাড়ী গাতত পৰিলেও কষ্টৰ কথা অনুভৱ কৰিব নোৱাৰে৷ কিয়নো বিলাসী গাড়ী সমূহত যাত্ৰীৰ আৰামৰ বাবে বিশেষ পদ্ধতি সংযোগ হৈ থাকে৷