newsnextone.com | লিডুঃ ৰেল যাত্ৰীৰ জীৱন সম্পত্তিৰ নিৰাপত্তা নোহোৱা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে ৰেলেৰে ঘৰলৈ আহি থকা এজন যুৱকে যোৱা ১০ দিন ধৰি ঘৰলৈ আহি নােপোৱাৰ ঘটনা পোহৰলৈ আহিছে৷ পৰিয়ালক ফোনেৰে ৰেলত উঠি ঘৰলৈ আহি থকা বুলি জনোৱাৰ পিছতোঁ যোৱা ১০টা দিনে ঘৰ আহি নোপোৱাত পৰিয়ালে চিন্তাত দিন পাৰ কৰিব লগা হৈছে৷
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত বৰগোলাই ৰত্নাপুৰ লাইনৰ দেৱাশিষ দে নামৰ ৩৫ বছৰীয়া যুৱকজনৰ যোৱা ১০ দিন ধৰি কোনো ধৰণৰ শুংসুত্ৰ নোহোৱা হোৱাত চকুলো টুকি সময় পাৰ কৰিছে পৰিয়ালে৷