নাওবৈচাঃ ইছলাম ধৰ্মাৱলম্বী লোকসকলে কাইলৈ পালন কৰিব পৱিত্ৰ ঈদ উল ফিতৰ। এই উপলক্ষে সমূহ অসমবাসী ৰাইজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে মৰিয়া যুৱ ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে।

ঈদে সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন অধিক কটকটীয়া কৰি ৰাজ্যখনলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ কামনা কৰিছে সংগঠনটোৱে।