মৰিয়নীঃ নিৰ্বাচনৰ গৰম বতাহ বলাৰ সময়তে তথা বৃহস্পতিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় নেতা অমিত শ্বাহ যোৰহাটলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অহাৰ সময়তে মৰিয়নীৰ ধোদৰ আলিয়েদি আমগুৰি দিশে গৈ থকা অৱস্থাত মৰিয়নীৰ হেমলাইত AS O3 BC 2941 নম্বৰৰ চাইকেল ভৰ্তি বলেৰ’ পিক আপ এখন জব্দ কৰে মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

বিধায়কগৰাকীয়ে বিজপি চৰকাৰে নিৰ্বাচন বিধি উলংঘা কৰি ভোটাৰক চাইকেলখিনি বিলাবৰ বাবে অনাৰ অভিযোগ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে জদ্বকৃত চাইকেলসমূহ নিজৰ জিম্মাত লৈছে।