♦ মৰিয়নীত নিতৌ অনুষ্ঠিত জুৱাৰ ভাগ আৰক্ষীৰ পকেটলৈ যোৱাৰ অভিযোগ জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ
সপোন ৰহমান শইকীয়া, মৰিয়নীঃ মৰিয়নী থানাৰ অন্তৰ্গত ৰে’ল কলনী, গান্ধীনগৰ, কাষৰীয়া গ্ৰামাঞ্চলৰ লগতে মৰিয়নীৰ বাগিচাকেইখনত বৰ্তমান প্ৰতিদিনে চলি আছে আইপিএলৰ নামত কেইবা লাখ টকাৰ জুৱা৷
মৰিয়নীত বিগত কেইটামান বছৰৰপৰা শিৱম দে’ (মানিক) নামৰ ৰে’ল কলনিৰ লোকজনে শুভম ৰয় (ভাই) নামৰ লোকজনৰ লগত সহযোগ কৰি আইপিএল খেল অনুষ্ঠিত কৰি আহিছে৷
ভাই নামৰ লোকজন পূৰ্বে কেইবাৰো বিভিন্ন গোচৰত অভিযোক্ত হৈ ৰঙা ঘৰৰ আলহী হ’ব লগা হৈছিল৷ লক্ষণীয় কথাটো হ’ল শিৱম দে’ (মানিক) ৰে’ল বিভাগৰ এজন কৰ্মচাৰী৷ ৰে’ল বিভাগৰ কৰ্মচাৰী হোৱাৰ সুযোগ গ্ৰহণ কৰি মৰিয়নী ৰে’ল জংচনত পুৱাৰপৰা সন্ধিয়ালৈ বহু লোকে বহি শুভম ৰয় (ভাই)ৰ লগত ৰে’ল আৰক্ষীৰ সম্মুখতে আইপিএলৰ লগতে বিভিন্ন আন আন জুৱা খেল অনুষ্ঠিত কৰি আহিছে৷
নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে ৰে’ল আৰক্ষীৰ লগতে মৰিয়নীৰ থানাৰ আৰক্ষীয়ে৷ কেৱল এই দুটা জুৱাৰিয়ে নহয়, মৰিয়নীৰ দৈনিক বজাৰৰ মাজত হোটেলৰ ব্যৱসায় দেখুৱাই আন এটা জুৱাৰি বিলো ঘোষে (কেনেডী প্ৰাকৰ নিৱাসী) কেৱল আইপিএল খেলতে জুৱা খেলোৱাই সিমাবদ্ধ নাথাকি বছৰৰ সৰহ ভাগ খেলত একাংশ দালালৰ সহযোগত মৰিয়নী আৰক্ষীৰে বুজাবুজিত নিতৌ জুৱা খেলাই আহিছে৷
কুতুবুদিন ৰহমান (ৰ’জ) (নিজৰাপৰ নিৱাসী) নামৰ জুৱাৰিটোৱে আকৌ মৰিয়নী পৌৰসভাৰ পৌৰপতিৰ অনুমতি সাপেক্ষে নগৰৰ অন্তগৰ্ত অঞ্চলত নিতৌ চলি থকা ই-ৰিক্সাসমূহৰ পাৰ্কিং সংগ্ৰহ কৰে৷ সঞ্জীৱ কৰ্মকাৰ (কঠালগুৰি নিৱাসী) বিজেপিৰ এজন পালিনেতাৰ পুত্ৰ হোৱাৰ সুযোগতে মৰিয়নীৰ আৰক্ষীকো তলতীয়া কৰি সমগ্ৰ কঠালগুৰি চাহ বাগিচাখনত জুৱাৰ সাম্ৰাজ্য কৰি তুলিছে৷
জুন তাঁতী (নিউসোণোৱাল চাহ বাগিচা) নিৱাসী এই জুৱাৰিটোৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত বহুকেইটা গোচৰ আছে। নকল সোণৰ উপৰিও বহু সময়ত অবৈধ ব্যৱসায় কৰাৰ অভিযোগ আছে এওঁৰ বিৰুদ্ধে৷ মৰিয়নী বিজেপিৰ এজন বিতৰ্কিত জেডপিচিৰ খাতিৰত আৰক্ষীয়ে এই জুৱাৰিটোক বৰ্তমান ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উঠিছে৷
প্ৰদীপ কালোৱাৰ (তিতাবৰ) নামৰ এই জুৱাৰিটোৱে একাংশ এজেণ্টৰ সহযোগত মৰিয়নীৰ শিলিখা, খৰিকটীয়া চাহ বাগিচাৰ লগতে ধোদৰ আলিৰ বিভিন্ন অঞ্চলৰপৰা প্ৰতিদিনে কেইবা লাখ টকাৰ জুৱাৰ চলাই আহিছ৷
মেঙৰা তাঁতী (নিউসোনোৱাল চাহ বাগিচা), মাধৱ শইকীয়া (তিতাবৰ), মাধৱ কমকাৰ (তিতাবৰ), সুমন বৰুৱা (খৰিকটীয়া)ৰ বিৰুদ্ধে জুৱা খেলাৰ অভিযোগ আছে৷ পুৰুষৰ সমানে মহিলায়ো এই অবৈধ খেলত জড়িত হোৱাৰ অভিযোগ উঠিছে। মন্দিৰা আৰু চুমন নামৰ দুগৰাকী মহিলাই সমগ্ৰ খৰিকটীয়া অঞ্চলত জুৱাৰ সাম্ৰাজ্য গঢ়ি তুলিছে৷
ৰাকেশ ইছলাম নামৰ আন এটাই মৰিয়নী নগৰখনত জুৱাৰ সাম্ৰাজ্য গঢ়ি তোলাত বিশেষ অৰিহণা যোগাইছে৷ এই সমাজদ্ৰোহী লোকৰ বাবে বৰ্তমান সমগ্ৰ মৰিয়নীৰ সৰহ সংখ্যক তৰুণ প্ৰজন্মৰ যুৱকসকল সহজ ধনৰ লোভত বিভিন্ন সময়ত চুৰি কৰিবলৈ কুন্ঠাবোধ কৰা নাই৷
এই বিষয়ে সকলো দেখাৰ পাছত সমাজৰ একাংশ সচেতন লোকৰ লগতে বহু অভিভাৱকৰ উপৰিও অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তৰফৰপৰা আমাক জানিবলৈ দিয়া মতে মৰিয়নীৰ আৰক্ষীয়ে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত গণতান্ত্ৰিতভাৱে আন্দোলনৰ সন্মুখিন হ’ব লগিব বুলি হুংকাৰ দিয়ে৷
প্ৰথম অৱস্থাত এই জুৱাৰিয়ে বহীত লিখি জুৱা খেল খেলাই গৈছিল যদিও ক্ৰমাৎ এজেণ্টসকলে ম’বাইলত বিভিন্ন মেচেঞ্জাৰৰ সহযোগত দান ল’বলৈ ধৰে৷ লক্ষ্যনীয় কথাটো হ’ল মৰিয়নী থানাত দিনে-নিশাই একাংশ দালাল বহি থকা দেখা যায়। জুৱাৰ উপৰিও বালি, কয়লা আৰু বিভিন্ন অবৈধ ব্যৱসায় কৰি থকা লোকক আটক কৰিবলৈ আৰক্ষী সৎসাহস হ’ব নে নাই সেয়া এতিয়া ডাঙৰ প্ৰশ্ন৷
কেৱল মৰিয়নী আৰক্ষীয়ে নহয় ৰে’ল আৰক্ষীৰ সন্মুখতো জংচনৰ ভিতৰত বহি জুৱা খেল চলাই আহাৰ সঠিক খবৰ আৰক্ষীক দিয়াৰ পাছতো আৰক্ষীয়ে জুৱাৰ আড্ডা উৎখাত কৰিব নোৱাৰে সেয়া ৰহস্য হৈ পৰিছে।