এতিয়াও বহু চাহ বাগিচা-গ্ৰামাঞ্চলত নিয়ন্ত্রণহীন চুলাইৰ বেহা

মৰিয়নীঃ শেহতিয়াকৈ সোণোৱাল চৰকাৰে অসমত লালি গুৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ পাছত অসমৰ প্ৰতিখন জিলাৰ উপায়ুক্তৰ নেতৃত্বত লালি গুৰৰ ব্যৱসায় বন্ধ কৰি দিছে৷
কিন্তু তেনে সময়তে মৰিয়নীৰ বহু চাহ বাগিচাৰ উপৰিও গ্ৰামাঞ্চলত মুকলিভাৱে চলি আছে চুলাই মদৰ ঘাটি৷ একাংশ বনিয়াই আৰক্ষী আৰু আবকাৰী বিষয়াৰ মিতিৰালিৰ অভিযোগ কৰিছে সদৌ অসম যুৱ পৰিষদৰ মৰিয়নী আঞ্চলিক সমিতিয়ে৷
মৰিয়নী আৰক্ষী চকীৰ অন্তগৰ্ত নিউসোনোৱাল মিচিং বস্তিৰ জেংনি গাঁৱত আজিও তিনি ঠাইত দিনে-নিশাই মুকলিকৈ চলি আছে চুলাই মদৰ বেহা। তাৰ উপৰিও উক্ত স্থানত এজন বনিয়াই প্ৰতি দিনে লক্ষাধিক টকাৰ লালি গুৰ নিউসোণোৱালৰপৰা তিতাবৰ, মৰিয়নীৰ বিভিন্ন ঠাইত ব্যৱসায় কৰি আছে বু অভিযোগ কৰিছে সংগঠনটোৱে।