♦ লোণপুৰীয়াত ঘগৰাজানত বহিৰাগত বণিয়াৰ মাটিৰ শ্রেণী পৰিৱৰ্তন চেষ্টা

♦ শ শ বিঘা মাটি কৃষি ভূমি বিলুপ্তিৰ পথত

মৰিয়নীঃ যোৰহাট জিলাৰ লাহিং মৌজাৰ কেইবাখন গাঁৱৰ কৃষি ভূমি বহিৰাগত বণিয়াৰ কবলত। লুনপুৰীয়া, দেৰঘৰীয়া, সেন্দু গাঁও, কলীয়া পানী আদি গাঁৱৰ পথাৰৰ মাজেদি যোৱা ঘগৰাজানত ধোদৰ আলিৰ কাষতে জৈন উপাধিধাৰী গুৱাহাটীৰ ব্যৱসায়ীজনে ১০ বিঘা মাটিত JCB লগাই ওখ কৰিছে। 

ফলত চৰকাৰৰ অনুমতি অবিহনে মাটিৰ শ্ৰেণীৰ পৰিৱৰ্তন কৰিবলৈ অপচেষ্টা কৰিছে। স্থানীয় কৃষকৰ অভিযোগমতে এই ঘগৰাজানত মাটিৰে পুতি দিলে প্ৰায় দুই কিল’মিটাৰ অঞ্চল বাৰিষা পানীৰ তলত ডুবি থাকিব।

শ শ বিঘা মাটিত ধান খেতিৰ বাবে অনুপযুক্ত হৈ পৰিব। আনহাতে এইমাটিত পানীৰ ঢল উঠিলে ধোদৰ আলিৰ ওপৰেদি পানী বৈ যাব। ইতিমধ্যে যোৱা দুটা বছৰত এই ঠাইতে ধোদৰ আলিৰ ওপৰেদি পানী বাগৰিছিল।এই অভিযোগ দাখিল কৰি  তিয়াক ৰাজহ চক্ৰ বিষয়াৰ ওচৰত আবেদন কৰিছিল। টিয়ক ৰাজহ চক্ৰ বিষয়া কোনো ব্যৱস্থা নোলোৱাত যোৰহাট জিলা উপায়ুক্তক আবেদন জনোৱাত কৃষি ভূমি ক্ষতি নোহোৱাকৈ ৰাখিবলৈ এক নিৰ্দেশ দিছিল।

কিন্তু অজ্ঞাত কাৰণত পুনৰ বণিয়াক গোষ্ঠীয়ে জে চি বি লগাই ঘগৰাজানত মাটি পেলাইছে।