93
সপোন ৰহমান শইকীয়া, মৰিয়নীঃ নকছাৰি পুথিনদীৰ নদীৰ গৰাখহনীয়া ৰোধৰ বাবে প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে জি’অ বেগ সংস্থাপনৰ কাম শুকুৰবাৰে শুভাৰম্ভ কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
মৰিয়নী সমষ্টিৰ পুথিনদীৰ পাৰত ১ কোটি টকা ব্যয়সাপেক্ষে খহনীয়া প্ৰতিৰোধী আঁচনিৰ আজি আধাৰশিলা স্থাপন কৰা হয়। এই আঁচনিৰ জৰিয়তে পুথিনদীৰ খহনীয়া এলেকাটোৰ ৫৭০ মিটাৰ সামৰি জিঅ’ বেগ সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব।