মৰিয়নীঃ জেঙনি বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে পথ অৱৰোধ কৰে। কিশোৰী বলাৎকাৰীক গ্ৰেপ্তাৰৰ দাবীত এই অৱৰোধ। ২৪ মাৰ্চত এগৰাকী কিশোৰীক নিজ দদায়েকে ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ স্থানীয় লোকৰ।

বৰ্তমান পলাতক অভিযুক্ত ৰমেশ ওৰাং নামৰ লম্পটো৷ ৪৮ ঘন্টা পাছতো অভিযোক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত মঙলবাৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে৷

ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উপস্থিত হয়গৈ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। মৰিয়নীৰ বিভিন্ন প্ৰান্তত আজিও মুকলিকৈ সুৰাৰ প্ৰচলনৰ বাবেই এই ঘটনা ঘটিল বুলি অভিযোগ কৰে বিধায়কজনে৷ লগতে আবকাৰী আৰু আৰক্ষী বিৰুদ্ধে সাংবাদিক আগত ক্ষোভ উজাৰে বিধায়কজনে৷

আনহাতে প্ৰতিবাদস্থলীতে দুৰ্ভগীয়াগৰাকীৰ বৰদেউতাকে সাংবাদিকক জানিবলৈ দিয়ে আজিও নিউ সোণোৱালৰ বিভিন্ন ঠাইত চুলাইৰ অবাধ ব্যৱসায় চলি আছে৷ আৰক্ষী আৰু আবকাৰী বিভাগ কেতিয়াকৈ সজাগ হ’ব? আৰু কিমান নিৰীহ লম্পটৰ কামনা বলি হ’বলগীয়া হ’ব, সেয়া সচেতন মহলে প্ৰশ্ন কৰিছে।