49
মৰিগাঁওঃ মৰিগাঁৱৰ নগাবন্ধাত যোৱা ৮ মাৰ্চৰ নিশা সংঘটিত ভয়ংকৰ ডকাইতি কাণ্ডত জড়িত ছয়জনকৈ ডকাইতক মৰিগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, সু-সজ্জিত ডকাইতৰ দলটোৱে বন্দুক দেখুৱাই লুটি নিছিল নগদ ধন আৰু অলংকাৰ৷ মৰিগাঁও আৰক্ষীৰ অধীক্ষক স্বপ্ননীল ডেকাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে মৰিগাঁৱৰ লাহৰীঘাট থানাৰ অন্তৰ্গত নগাবন্ধাৰ আব্দুল গনি নামৰ অৱসৰপ্ৰাপ্ত শিক্ষক জনৰ ঘৰত সংঘটিত হৈছিল এই ডকাইতিৰ ঘটনা৷