55
জিতুমনি নাথ, মৰিগাঁওঃ ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে মৰিগাঁও জিলাৰ অসামৰিক চিকিৎসালয়তো শনিবাৰে আৰম্ভ কৰা হয় বৃক্ক ৰোগীসকলৰ বিনামূলীয়া ডায়েলাইচিচ সেৱা।
মৰিগাঁও অসামৰিক চিকিৎসালয়ত বৃক্ক ৰোগীসকলৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বিনামূলীয়া ডায়েলাইচিছ আঁচনিখনৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুয হাজৰিকাই।