জিতুমনি নাথ, মৰিগাঁওঃ ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে মৰিগাঁও জিলাত জটিল ৰূপ ধাৰণ কৰাত বন্যাৰ্তৰ মাজত খাদ্য, খোৱা পানী সংকট, থকা কৰা ব্যৱস্থাৰ লগতে স্বাস্থ্য ক্ষেত্ৰতো প্ৰৱল ভাবুকি কঢ়িয়াই আনিছে বন্যাৰ্তৰ মাজত। 

জিলাখনৰ ৪ টাকৈ ৰাজহ চক্ৰ সম্প্ৰতি বানৰ কবলত পৰিছে। জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৰ্তমানে ৩৮৮ খন গাঁৱৰ প্ৰায় ৫৪ হাজাৰ হেক্টৰ কৃষি ভূমিৰ লগতে প্ৰায় ৬ লক্ষাধিক লোকৰ বিস্তৰ ক্ষয় ক্ষতি হৈছে। 

জিলাখনৰ এনে ভয়াৱহ দুৰ্যোগৰ মাজতেই মৰিগাঁও জিলা প্ৰশাসনে বন্যাৰ্তৰ সকলৰ জীৱন সম্পত্তি তথা স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। 

মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ বিশেষ তৎপৰতাত জিলাখনৰ মৰিগাঁও আৰু মায়ং ৰাজহ চক্ৰত আজি কেইবাটাও স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰে। মৰিগাঁও স্বাস্থ্য বিভাগৰ সহযোগত অনুষ্ঠিত কৰা এই স্বাস্থ্য শিবিৰত বন্যাৰ্তৰ মাজত হ’ব পৰা সাম্ভাব্য ৰোগৰ ঔষধ বিতৰণ কৰাৰ লগতে অ আৰ এচ আদি বিতৰণ কৰে।  

জিলা উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই তদাৰক কৰা স্বাস্থ্য শিবিৰ কেইটাত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলে সহযোগীতা আগবাঢ়ায়।