জিতুমনি নাথ, মৰিগাঁওঃ মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰৰ বানে ক্ৰমাত জটিলৰূপ ধাৰণ কৰিছে। বিশেষকৈ জিলাখনৰ ভুৰাগাঁও ৰাজহচক্ৰৰ অন্তৰ্গত টেঙাগুৰি কছাৰী গাঁৱৰ ৰিং বান্ধটো দেওবাৰে দুদিন পূৰ্বে ব্ৰক্ষ্মপুত্ৰ বাঢ়নী পানীয়ে খহাই নিয়াৰ পিছত দেওবাৰে পুনৰ তিনিচুকীয়াত একেটা ৰিংবান্ধৰে আন এক অংশ ব্ৰক্ষ্মপুত্ৰ বাঢ়নী পানীয়ে খহাই নিয়াত ব্যাপক সংকটে দেখা দিছে নৈপৰীয়া বন্যাতৰ মাজত।
তদুপৰি এই ৰিংবান্ধটো ব্ৰক্ষ্মপুত্ৰ বাঢ়নী পানীয়ে খহাই নিয়াত মৰিগাঁও নগৰলৈও ভাবুকি কঢ়িয়াই আনিছে। জিলাখনৰ ভুৰাগাঁও, মায়ং আৰু লাহৰীঘাট ৰাজহচক্ৰৰ অন্তৰ্গত ডেৰ শতাধিক ৰাজহ গাঁৱৰ লগতে প্ৰায় ১৩ হেক্টৰ কৃষি ভূমি সম্প্ৰতি বানৰ কবলত পৰিছে যদিও মৰিগাঁও ৰাজহ চক্ৰও আংশিক বানৰ কবলত পৰা বুলি জনা গৈছে।