জিতুমনি নাথ, মৰিগাঁওঃ মুষলধাৰ বৰষুণৰ ফলত ক্ৰমাত ব্ৰক্ষ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বৃহস্পতিবাৰে পুৱা মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত টেঙাগুৰি কছাৰী গাঁৱৰ নৱনিৰ্মিত ৰিংবান্ধটো ব্ৰক্ষ্মপুত্ৰ বাঢ়নী পানীয়ে উটোৱাই নিয়াৰ ফলত সংকিত হৈ পৰিছে নৈ পৰিয়া জনসাধাৰণ।
ইয়াৰ ফলত টেঙাগুৰি, কছাৰী গাঁও, বতাবৰি, হাতীলৌৱা গাঁৱকে আদি কৰি ২০ খনতকৈও অধিক গাঁও জলমগ্ন হৈ পৰা বুলি জানিব পৰা গৈছে। জিলা প্ৰশাসনৰ সূত্ৰই সম্প্ৰিতি ১০ হাজাৰ লোকৰ ক্ষয়ক্ষতি হোৱা বুলি প্ৰকাশ কৰিলেও এই ক্ষয়ক্ষতি পৰিমান আৰু অধিক হোৱা সম্ভাৱনা আছে। উল্লেখ্য যে, ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নী পানী ৰোধ কৰা উদ্দেশ্য মৰিগাঁও জলসম্পদ বিভাগ আৰু জিলা গ্ৰাম্যোন্নয়ন অভিকৰনৰ জৰিয়তে ২২ শ মিটাৰ দৈঘ্যৰ দুটা ৰিংবান্ধ নিৰ্মাণ কৰিছিল চলিত বৰ্ষত।