মৰিগাঁওঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দৰিদ্ৰতাক নেওচি ৫ টা বিষয়ত লেটাৰ নম্বৰ লৈ সুখ্যাৰ্তিৰে উত্তীৰ্ণ হোৱা মৰিগাঁৱৰ মেধাবী ছাত্ৰী হিয়ামনি দেৱীক সহায়ৰ বাবে আগবাঢ়ি আহিছে মৰিগাঁৱত কৰ্মৰত এ চি এছ বিষয়াসকলে। উল্লেখ্য যে, মৰিগাঁও জিলাৰ সাপমাৰী গাঁৱৰ দন্দুৱা হাইস্কুলৰ ছাত্ৰী হিয়ামনি দেৱীয়ে ডিষ্ট্ৰিংচনসহ উত্তীৰ্ণ হোৱাৰ পাছত বিজ্ঞান শাখাত পঢ়া ইচ্ছা ব্যক্ত কৰিছিল।
এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল আৰু মেধাবী ছাত্ৰী গৰাকীৰ বাতৰিটো দৃষ্টি গোচৰ হৈছিল উপায়ুক্ত ঋতুৰাজ বৰাৰ। ইয়াৰ পিছতেই উপায়ুক্ত বৰাই মেধাবী ছাত্ৰী গৰাকীক সহায়ৰ বাবে মৰিগাঁৱত কৰ্মৰত এ চি এছ বিষয়া সকলক আহ্বান জনায়।