মৰিগাঁওঃ জুপুৰিত থাকিয়েই জোনাক বিলালে মৰিগাঁৱৰ হিয়ামণি দেৱীয়ে। দৰিদ্ৰতা কেতিয়াও জীৱনৰ পথত হেঙাৰ হ’ব নোৱাৰে, তাকেই পুনৰবাৰ প্ৰমাণ কৰিলে মৰিগাঁৱৰ মেধাৱী ছাত্ৰী হিয়ামনি দেৱীয়ে।

দন্দুৱা হাইস্কুলৰপৰা কঠোৰ শ্ৰম আৰু একাগ্ৰতাৰে মোমায়েকৰ ঘৰৰ এটা সৰু জুপুৰিত অধ্যয়ন কৰি বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰিক্ষাৰ ফলাফলত ৫ টা বিষয়ত লেটাৰ নম্বৰসহ ডিষ্টিংচন পাবলৈ সক্ষম হয় হিয়াই৷

পৰীক্ষাৰ আগমূহূৰ্তত হিয়াৰ পিতৃয়ে মাকৰ সহিতে পাৰিবাৰিক কন্দলৰ বাবে ঘৰৰপৰা বাহিৰ কৰি দিছিল দুই কণ্যাক৷ ইয়াৰ পাছৰেপৰা হিয়াৰ মাক আৰু বায়েকে গুৱাহাটীৰ এটা কোম্পানীত কাম কৰি হিয়াক মোমায়েকৰ ঘৰত ৰাখি পৰীক্ষাত অৱতীৰ্ণ কৰাইছিল। 

এই সময়খিনিতে হিয়ামনিয়ে স্কুললৈ অহা যোৱা কৰা চাইকেলখনকো কঠোৰ পিতৃয়ে কাঢ়ি লৈ গৈছিল। এই সকলোবোৰ ঘটনা-পৰিঘটনাকো হিয়াই একাশৰীয়া কৰি একাগ্ৰতাৰে দেহ-মন সপি দিছিল অধ্যয়নত।

অৱশেষত নিজৰ শ্ৰমৰ ফল লাভ কৰা হিয়ামনিৰ এই ফলাফলে বাৰোকৈ আবেগিক কৰি তুলিলে মাক আৰু তেওঁৰ পৰিয়ালক। মেধাৱী ছাত্ৰী হিয়ামনিৰ বিজ্ঞান শাখাত অধ্যয়ন কৰা মন আছে যদিও অৰ্থ অভাৱৰ বাবে কলা শাখাতে অধ্যয়ন কৰিব বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে মেধাৱী ছাত্ৰীগৰাকীয়ে।