74
মৰিগাঁওঃ জুপুৰিত থাকিয়েই জোনাক বিলালে মৰিগাঁৱৰ হিয়ামণি দেৱীয়ে। দৰিদ্ৰতা কেতিয়াও জীৱনৰ পথত হেঙাৰ হ’ব নোৱাৰে, তাকেই পুনৰবাৰ প্ৰমাণ কৰিলে মৰিগাঁৱৰ মেধাৱী ছাত্ৰী হিয়ামনি দেৱীয়ে।
দন্দুৱা হাইস্কুলৰপৰা কঠোৰ শ্ৰম আৰু একাগ্ৰতাৰে মোমায়েকৰ ঘৰৰ এটা সৰু জুপুৰিত অধ্যয়ন কৰি বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰিক্ষাৰ ফলাফলত ৫ টা বিষয়ত লেটাৰ নম্বৰসহ ডিষ্টিংচন পাবলৈ সক্ষম হয় হিয়াই৷