মৰিগাঁওঃ মৰিগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশনাত চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে চলি থকা তীব্ৰ অভিযানৰ মাজতে শনিবাৰে মিকিৰভেটা থানাৰ অন্তৰ্গত জাজৰি সমীপৰ বৰমানিপুৰত বৃহৎ পৰিমাণৰ চুলাই মদ আৰু প্ৰস্তুতকৰণ সামগ্ৰী ধ্বংস কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
মিকিৰভেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পলাশ আহোম আৰু মৰিগাঁও উপ-আৰক্ষী অধীক্ষক লুইত তালুকদাৰৰ নেতৃত্বত চুলাই মদৰ বিৰুদ্ধে চলোৱা অভিযানত বৰমানিপুৰত প্ৰায় ৮০০ লিটাৰ চুলাই মদ আৰু প্ৰস্তুত কৰণ সামগ্ৰী ধ্বংস কৰে। স্থানীয় ৰাইজ আৰু সচেতন নাগৰিকে সহযোগিতা আগবঢ়োৱা জিলা প্ৰশাসনৰ এই অভিযানৰ মাজতেই গা-সজুৱা চাৰিআলিত অবৈধভাৱে মজুত কৰি ৰখা এখন দোকানৰপৰা ২০০ লিটাৰ বিলাতী সুৰা জব্দ কৰি নষ্ট কৰিবলৈ সক্ষম হয় অভিযানকাৰী আৰক্ষী দলটোৱে।