মৰিগাঁওঃ তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ তদানীন্তন মুখ্যকাৰ্যবাহী সদস্য তথা বত্তৰ্মানৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ কাৰ্যকালত তিৱা স্বায়ত্ত্ব পৰিষদত সংঘটিত কেইবা কোটি টকাৰ ভয়াৱহ দুৰ্নীতি অভিযোগ তুলি বিধায়ক ৰমাকান্ত দেউৰীৰ বিধায়কৰ পদ খাৰিজৰ লগতে গ্ৰেপ্তাৰৰ দাবী জনাই ছয়টাকৈ তিৱা জাতীয় সংগঠনৰ ৫ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে মৰিগাঁও চহৰ কপাই তুলা ঘটনাই তিৱা ৰাজনীতিতে নহয় শাসকীয় বিজেপি দলৰ মাজতো জোকাৰণি সৃষ্টি কৰিছে।
ডেৰঘন্টা ধৰি প্ৰতিবাদকাৰীসকলে মৰিগাঁও চহৰৰ ৰাজপথত তীব্ৰ প্ৰতিবাদী মিছিল উলিয়াই চহৰখনত ব্যাপক যান জঁটৰ সৃষ্টি কৰে। জাতিদ্ৰোহী ৰমাকান্ত দেউৰী হুচিয়াৰ, তিৱা পৰিষদত ৰমাকান্ত দেউৰী দাদাগিৰী নচলিব, তিৱা জাতিৰ উন্নয়নৰ ধন আত্মসাৎকাৰী ৰমাকান্তক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক আদি শ্ল’গানে মৰিগাঁও চহৰ কপোৱা তিৱা জাতীয় সংগঠন কেইটাই মৰিগাঁও ষ্টেডিয়ামৰপৰা প্ৰতিবাদী সমদল উলিয়াই চহৰ খনৰ মূল পথ কেইটাৰে পৰিভ্ৰমণ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।