মৰিয়নীঃ সমগ্ৰ ৰাজ্যত এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে৷ ইয়াৰ সমান্তৰালভাৱে মৰিয়নীত দল সংগঠনৰ উপৰিও বিভিন্ন স্তৰৰ ৰাইজে ৰাজপথত বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ  সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে৷

আজি মৰিয়নীৰ নগৰৰ একমাত্ৰ মহাবিদ্যালয় তথা মৰিয়নী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ  প্ৰাক্তন সভাপতি মাধূৰ্য্য গগৈ আৰু বতমান ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অমৰিত শমাৰ নেতৃত্বত আজি বুধবাৰ দুপৰীয়াৰ ভাগত মহাবিদ্যালয় শ্ৰেণী বজন কৰি মৰিয়নী নগৰৰ মাজেৰে এক শান্তি পূৰ্ণ শোভাযাত্ৰা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷

তেওঁলোকে জানিব দিয়ে যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ অসমীয়া ভাষা সাহিত্য শক্তিক ধংস কৰিব পাৰে সেই বিধেয়ক যদিহে অতি কম সময়ৰ ভিতৰত বাতিল নকৰে তেন্তে এই দৰে অনাগত দিনবোৰত আৰু কিমান ছাত্ৰ-ছাত্ৰী ৰাজপথত নামিব আৰু কিমান শ্ৰেণী বজন কৰিব তাৰ কোনো সিমা নাথাকিব৷

লগতে বতমান মুখ্যমন্ত্ৰী সোনোৱালে যি দৰে ৰাজপথত প্ৰতিবাদ কৰাৰ পৰা আজি অসমৰ দৰে এখন লোকসাহিত্য, শিল্পী,সঙ্কৃতী সকলোতে চহকী ৰাজ্যৰ মুখ্যমন্ত্ৰী পদ পাই ৰাইজৰ দোষ দূৰদহাৰ প্ৰতি কোনো আক্ষেপ নকৰি কেৱল নিজৰ ৰাজনৈতিক মুনাফা লাভালাভৰ কথা চিন্তা কৰা বন্ধ  ভৱিষ্যত জাতি বিপদৰ সময়ত ৰাইজৰ লগত ৰাইজৰ নেতা হয় থিয় দিবলৈ আহবান জনায়৷