Home ৰাজ্যমৰিয়নীৰ বেমাৰীৰ বেদনা ,অটল অমৃত, আয়ুস্মান যোজনাই ঢুকি নাপায় গ্রাম্য লোকক,গণ ভিক্ষা কৰি ৰোগী বচাবলৈ অপ্ৰাণ চেষ্টা

মৰিয়নীৰ বেমাৰীৰ বেদনা ,অটল অমৃত, আয়ুস্মান যোজনাই ঢুকি নাপায় গ্রাম্য লোকক,গণ ভিক্ষা কৰি ৰোগী বচাবলৈ অপ্ৰাণ চেষ্টা

by News Desk
A+A-
Reset
ba847657-e2a7-4765-b8a7-ddfcff0bc469

newsnexone,মৰিয়নীঃ অটল অমৃত যোজনা,আয়ুস্মান ভাৰত আদি যোজনাৰ নামত বৰ্তমানৰ চৰকাৰখনে যিমানেই তাল-ফাল লগাইছে সিমানেই গ্ৰাম্যাঞ্চলৰ লোকৰ বিলৈ-বিপত্তি বাঢ়িহে আহিছে।
উল্লাখযোগ্য যে যোৰহাট জিলাৰ মৰিয়নীৰ বিজয়পুৰৰ এজন মিচিং লোকৰ বহুদিনৰ আজি বহুদিনৰপৰাই দুৰাৰোগ্য  বেমাৰত ভুগী আছে৷সেই অঞ্চলৰ ডাক্তৰ কবিৰাজ কোনেও লোকজনৰ কি বেমাৰ হৈছে নিৰ্ণয় কৰিব পৰা নাই৷ চিকিৎসাৰ বাবে একো উপায় নেদেখি ৰাইজে চাঙৰ ওপৰতে মিল পাতিলে আৰু সকলোৰে সিদ্ধান্তমৰ্মে বেমাৰীৰ আৰোগ্য কামনা কৰি পুজা-অৰ্চনাও কৰিলে৷ ধনৰ অভাবত উন্নত চিকিৎসকৰ কাষ চাপিবলৈ সাহস নকৰা পৰিয়ালতোৱে উপায়ন্তৰ হৈ ৰাইজৰ ওচৰত আৰ্থিক সাহাৰ্য্য বিচাৰিছে। মৰিয়নীৰ নগধূলিৰ বিজয়পুৰ গাঁৱৰ নৃত্যনন্দ মিলি নামৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জ্জনকাৰী ব্যাক্তি। তেওঁৰে এতিয়া ভাল নোহোৱা বেমাৰ। সৰু সৰু দুজনী ছোৱালী সৈতে অসহায় হৈ পৰিছে তেওঁৰ পত্নী। কাতৰ ভাৱে মাত্ৰ চিকিৎসাৰ বাবে অসমবাসী ৰাইজৰ ওচৰত নিজৰ স্বামীৰ চিকিৎসাৰ কাৰনে ভিক্ষা কৰিছে পত্নীয়ে।
চৰকাৰৰ নীতি নিয়মৰ ৰঙা ফিটাৰ মেৰপাক বুজিব নোৱাৰা এই পৰিয়ালটিক সদাশয় হৃদয় বান লোকে সহায় আগবঢ়াব নে? যদি কোনো লোকে সহায় আগবঢ়াবলৈ ইচ্ছা কৰে তেন্তে  9127590098 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ’ল। 
এই বিপদগ্ৰস্থ পৰিয়ালটোক সহায় কৰিবলৈ ইচ্ছুক সকলৰ সুবিধাৰ বাবে তেঁওলোকৰ বেঙ্কৰ একাউন্ট নম্বৰ তলত দিয়া হ’ল৷ এইটো একাউন্টত ধন জমা কৰি পৰিয়াটোক সহায় কৰিব পাৰিবঃ
A/C:34182054681,IFSC code: SBIN0007427 
STATE BANK OF INDIA DHODAR ALI MARIANI BRANCH,Jorhat – Assam

মৰিয়নী পৰা সপোন ৰহমান শইকীয়া৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0