ডিজিটেল ডেস্কঃ বৈবাহিক ধৰ্ষণক লৈ দীৰ্ঘদিন ধৰি অব্যাহত আছে বিতৰ্ক। ইয়াৰ মাজতে এটি গোচৰ সন্দৰ্ভত ৰায়দান কৰি 'বৈবাহিক ধৰ্ষণ’ক অপৰাধ নহয় বুলিয়েই জনালে উচ্চতম ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণৰ অন্তত কয় যে, স্ত্ৰীৰ বয়স যদি ১৫ বছৰৰ অধিক হয়, তেন্তে স্বামীৰ বলপূৰ্বক মিলনক বৈবাহিক ধৰ্ষণ বুলি কোৱা নহ’ব।

ভাৰতীয় দণ্ডবিধি ৩৭৫ (২) ধাৰাত স্ত্ৰীৰ বয়স যদি ১৫-১৭ বা তাতকৈ বেছি হয়, তেন্তে বিবাহিত স্ত্ৰীৰ সৈতে স্বামীৰ বলপূৰ্বক মিলনত সন্মতি প্ৰদান কৰা হৈছে। এই ধাৰা উঠাই দিয়াৰ দাবীত সম্প্ৰতি শীৰ্ষ আদালতত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছে এটি স্বেচ্ছাসেৱী সংস্থাই।

সংস্থাটোৰ মতে, ১৮ বছৰ বয়স নহ’লে ছোৱালী বিয়া হোৱাতো ভাৰতীয় আইনত অপৰাধ। গতিকে ৩৭৫(২) ধাৰাটো হৈছে নাবালিকা বিবাহক প্ৰশ্ৰয় দিয়াৰ সমপৰ্যায়ৰ। এই ধাৰাই ভাৰতীয় আইন ব্যৱস্থাক স্ব-বিৰোধী কৰি তুলিছে বুলিও কয় সংস্থাটোৱে।

ইয়াৰ বিপৰীতে চৰকাৰী অধিবক্তাই যুক্তি দৰ্শাই যে, ধৰ্ষণ আইনৰ ৩৭৫(২) ধাৰাটো বাহাল ৰখা উচিত। কিয়নো এই ধাৰাই বিবাহক সুৰক্ষিত কৰি ৰাখিছে।

ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি এম বি সকুৰ আৰু দীপক গুপ্তাৰ খণ্ড বিচাৰপীঠে কয় যে এই লৈ সংসদত যথেষ্ট বিতৰ্ক হৈছে।

উক্ত বিতৰ্কৰ আঁত ধৰি খণ্ড বিচাৰপীঠখনে কয় যে 'বৈবাহিক ধৰ্ষণ’ক ধৰ্ষণ আখ্যা দিব পৰা নাযায়। লগতে এয়া কোনো শাস্তিমূলক অপৰাধ হিচাপে গণ্য কৰিব পৰা নাযায় বুলিও বিচাৰপীঠখনে স্পষ্ট কৰি দিয়ে।