সপোন ৰহমান শইকীয়া, মৰিয়নীঃ জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰাৰ পাছতো নিশাৰ ভাগত নিতৌ নগালেণ্ডৰপৰা মৰিয়নী হৈ বহিৰাজ্যলৈ চলাচল কৰে শ শ মৰিয়নীত তিতাবৰ মহকুমা আৰক্ষী বিষয়াই জব্দ কৰে তিনিখন কয়লা পৰিবাহী ট্ৰাক৷
শুকুৰবাৰে নিশাৰ ভাগত তিতাবৰ মহকুমা আৰক্ষী বিষয়া শুভ্ৰজ্যোতি বৰাৰ নেতৃত্বত অহা আৰক্ষীৰ এটা দলে মৰিয়নীৰ অসম নগালেণ্ড সীমান্তৱৰ্তী চুতাফলাৰৰপৰা AS 01 CC 2457 নম্বৰৰ এখন ট্ৰাক লগতে সীমান্তৰ সোনোৱাল চাহ বাগিচাৰ কাষতে আৰক্ষীৰ উমান পায় পলায়ন কৰিবলৈ লোৱাৰ সময়ত WB 59 A 6901 নম্বৰৰ এখন ট্ৰাক জব্দ কৰি পৰৱৰ্তী সময়ত মৰিয়নী থানালৈ আহে৷
যদিও তাৰ মাজতে আন এখন ট্ৰাকৰ চালকে যান্ত্ৰিক বিজুতিৰ বাবে থানালৈ আনিবলৈ অমান্তি প্ৰকাশ কৰাৰ বাবে ট্ৰাকখনৰ কাগজ সমুহ পৰীক্ষা কৰিবলৈ বুলি থানালৈ আনে৷ নিশাৰ ভাগতে মৰিয়নী থানাত উপস্থিত হয় তিতাবৰৰপৰা দুজনকৈ অতিৰিক্ত উপায়ুক্ত উপস্থিত হৈ মৰিয়নী থানাত কয়লা ট্ৰাকৰ বিৰুদ্ধে এখন এজাহাৰ প্ৰদান কৰে৷
বিশেষ সুত্ৰৰপৰা জানিব পৰা মতে কয়লা থকা ট্ৰাক দুখনত জোখতকৈ অধিক কয়লা পৰিবাহী কৰি নগালেণ্ডৰপৰা প্ৰয়োজনীয় নথি পত্ৰ নোহোৱাকৈ অনা-নিয়া কৰা হৈছিল৷
ট্ৰাক দুখনৰ লগতে ট্ৰাক দুখন চালক আৰু হেন্দিমেনক আৰক্ষীয়ে আতক কৰিছে৷