মৰিয়নীঃ বুধবাৰে সমগ্ৰ ৰাজ্যৰ লগতে মৰিয়নী গন্ধীয়া মিচিং গাঁওত উখল মাখল পৰিৱেশ৷ আলি আয়ে লৃগাঙ উপলক্ষে পুৱা সমুহ গাঁওবাসীয়ে একলগ হৈ নেদেখাজনৰ ওচৰত সেৱা জনাই কণ-কণ শিশু সকলে গাঁওখন পৰম্পৰাগত সাজপাৰ পৰিধান কৰি শোভাযাত্ৰা কৰে লগতে গাঁওখনৰ বৃদ্ধ সকলক সেৱা জনাই সকলোৱে একেলগে মিচিং বিহু গায়৷
বিভিন্ন আটকধুনীয়া আনুষ্ঠানৰ অন্তত সকলোৱে সমজুৱাভাৱে গাঁওখনৰ খেলপথাৰত আহাৰ গ্ৰহণ কৰে৷ এই অনুষ্ঠানৰ মাজতে গাঁওবাসীৰ হৈ গাঁওখনৰ শিক্ষক তথা জ্যেষ্ঠ ব্যক্তি এগৰাকীয়ে সাংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে৷