মৰিয়নীঃ বুধবাৰে সমগ্ৰ ৰাজ্যৰ লগতে মৰিয়নী গন্ধীয়া মিচিং গাঁওত উখল মাখল পৰিৱেশ৷ আলি আয়ে লৃগাঙ উপলক্ষে পুৱা সমুহ গাঁওবাসীয়ে একলগ হৈ নেদেখাজনৰ ওচৰত সেৱা জনাই কণ-কণ শিশু সকলে গাঁওখন পৰম্পৰাগত সাজপাৰ পৰিধান কৰি শোভাযাত্ৰা কৰে লগতে গাঁওখনৰ বৃদ্ধ সকলক সেৱা জনাই সকলোৱে একেলগে মিচিং বিহু গায়৷ 

বিভিন্ন আটকধুনীয়া আনুষ্ঠানৰ অন্তত সকলোৱে সমজুৱাভাৱে গাঁওখনৰ খেলপথাৰত আহাৰ গ্ৰহণ কৰে৷ এই অনুষ্ঠানৰ মাজতে গাঁওবাসীৰ হৈ গাঁওখনৰ শিক্ষক তথা জ্যেষ্ঠ ব্যক্তি এগৰাকীয়ে সাংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে৷  

ৰাজ্য চৰকাৰে অসমত বসবাস কৰা বিভিন্ন জাতি জনজাতিৰ উৎসৱ সমুহৰ বাবে এটা বিশেষ দিন বন্ধ ঘোষণা কৰিছে কিন্তু অসমৰ ভূমিপুত্ৰ মিচিং জনজাতিৰ উৎসৱ লৃগাঙ উপলক্ষে কোনো ধৰণৰ বন্ধ ঘোষণা আজিও কৰা নাই৷