সপোন ৰহমান, মৰিয়নীঃ মৰিয়নী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী গ্ৰহণ কৰে। ছাত্ৰ একতা সভাৰ লগতে মহাবিদ্যালয় একাংশ ছাত্ৰ-ছাত্ৰীয়ে।
অসম চৰকাৰৰ শিক্ষা বিভাগে ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি ক্ষেত্ৰত এক নিদেৰ্শনা জাৰি কৰিছিল য’ত উল্লেখ আছে যে যদি বিগত বৰ্ষত ৭৫ শতাংশ উপস্থিতি আৰু আগৰ শ্ৰেণীৰ বেক থাকিলে তেওঁলোকে বিনামূলীয়া নামভৰ্ত্তিৰ সুবিধা নাপাব কিন্তু বৰ্ত্তমান বৃহত্তৰ মৰিয়নীত একমাত্ৰ মহাবিদ্যালয়খনৰ সৰহ সংখ্যক শিক্ষাৰ্থীয়ে বিপিএল আৰু চাহ বাগানৰপৰা আগমন ঘটে।
নিৰ্ধাৰণ কৰা এক বুজন পৰিমাণৰ মাচুল তেওঁলোকে পৰিশোধ কৰিব বাবে অসমৰ্থ। বেক থকা আৰু ৭৫ শতাংশ উপস্থিতি নথকা ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া প্ৰদানৰ দাবীত এই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে৷