newsnextone.com| মৰিয়নীঃ  মৰিয়নীৰ দিচৈ অজগৰ লাইনত অঘটন৷ আজি দিচৈ চাহ বাগিচাৰ শ্ৰমিক আমুছ ওৰাঙক বন্যহাতীয়ে আক্ৰমণ কৰে ৷ বন্যহাতীৰ আক্ৰমনত আহত হোৱা ওৰাঙক দিচৈ বাগিচা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়৷

উল্লেখযোগ্য যে গিবন অভয়াৰণ্যৰ পৰা ওলাই যোৱা বন্য হাতীৰ এটা যাকে উক্ত শ্ৰমিকজনক আক্ৰমন কৰে। পিচত অধিক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লে প্ৰেৰণ কৰা হয় শ্ৰমিক জনক৷ বন বিভাগৰ এটা দলঘটনা স্হলীলৈ ৰাওনা হৈছে ৷ স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই দিচৈ চিকিৎসালয়ত উপস্থিত হয় ।