মৰিয়নীঃ যোৱা নিশা মৰিয়নীৰ ছয়খন গাওঁ ক্ৰমে চোকাফা গাওঁ, নগাপথাৰ, নগাঁধুলি, ধাপাতবাৰি, হাতীপটি আৰু বিজয়পুৰত হাতীৰ তাণ্ডৱ দেখিবলৈ পোৱা যায়৷ যোৰহাট জিলাৰ মৰিয়নীস্থিত শোলোঙাপাৰা গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা বৃহৎ হাতীৰ এটা জাকে অঞ্চলকেইটাত সন্ত্ৰাসৰ সৃষ্টি কৰে৷ লগতে জনশূণ্য চিকিৎসালয়ত সোমাই বস্তু অনিষ্ট কৰে হাতীৰ জাকটোৱে৷
ধাননী পথাৰত সোমোৱা জাকটোৰে মাজৰ এটা হাতী পোৱালি আঘাত প্ৰাপ্ত হয়৷ এই হাতীৰ জাকটোৱে কিছুদিন পূৰ্বে তিতাবৰৰ লেতেকুজান বাগিচাৰ এজন শ্ৰমিকক আক্ৰমণ কৰি হত্যা কৰে আৰু আন এজনক গুৰুত্ব ভাৱে আঘাত কৰা বুলি স্থানীয় ৰাইজে কয়৷