মৰিয়নীঃ যোৰহাট লোকসভা সমষ্টিৰ অন্তগৰ্ত তিতাবৰ বিধান সভা সমষ্টিৰ এখন বিখ্যাত গাঁও হৈছে শ্যাম গাঁও৷ যোৱা লোকসভা নিৰ্বাচনৰ সময়ত বৰ্তমানৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই এই গাঁওখনক আদৰ্শ গাঁও নামেৰে স্বীকৃতি প্ৰদান কৰিছিল৷ যদিও সকলো বোৰ ভোট বেংকৰ খাতিৰত কৰা এক অভিনয় বুলি বৰ্তমানে উত্থাপন হৈছে৷

যোৱা পাঁচটা বছৰত গাঁওখনত আদৰ্শ গাঁও হিচাপে পাবলগীয়া চৰকাৰী সাহাৰ্য্য নাপালে গাঁৱখনে৷

তিতাবৰ মৰিয়নী সমষ্টিৰ সীমাতে থকা এই বৃহৎ শ্যাম গাঁওখন তিনিখন ৰাজহ গাঁও লগ হৈ এখন আদৰ্শ গাঁওৰ স্বীকৃতি লাভ কৰে৷ যদিও চৰকাৰী সাহাৰ্য নাপাই তথাপিও এই গাঁৱৰ লোকে একেলগ হৈ সংস্কৃতি ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে৷

অসমৰ ভিতৰত অতি মনোৰম তিনিটাকৈ বৌদ্ধ মন্দিৰৰ বাবে খ্যাত এই গাঁৱত ৰাইজে একত্ৰিত হৈ মাঘ মাহত মাঘী পূৰ্ণিমাৰ দিনটোত মাঘীপূৰ্ণিমা উৎসৱ পালন কৰে৷ ব্যস্ত হৈ পৰিছে গাঁওবাসী৷ আনহাতে, মাঘ মাহৰ দ্বিতীয়টো পূৰ্ণিমাত পালন কৰে মাঘ পূৰ্ণিমা৷